অসম

assam

দশ শতাংশ লোকক অৰুণোদয় দি, ৯০ শতাংশক চৰকাৰে শোষণ কৰিছে: সংখ্যালঘু সংগ্ৰাম পৰিষদ - Price Hike In Assam

By ETV Bharat Assamese Team

Published : May 18, 2024, 8:21 PM IST

Updated : May 18, 2024, 10:42 PM IST

Protest against Price Hike: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত অতিষ্ঠ জনসাধাৰণ । মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ । ৰাজপথত জ্বলালে যোগানমন্ত্ৰী ৰণজিৎ দাসৰ পুত্তলিকা । এশ শতাংশ লোকক অৰুণোদয় দি ৯০ শতাংশক শোষণ কৰা বুলি মন্তব্য সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ।

ASSP protest by burning effigies against price hike in Nagaon
মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাৱঁত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাৱঁত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

নগাঁও, ১৮ মে':অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন । প্ৰান্তে প্ৰান্তে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ । এইবাৰ সৰৱ হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদ । শনিবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নগাঁৱতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে । প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে কয়,"ৰাজ্যৰ দহ শতাংশ লোকক অৰুণোদয় দি ৯০ শতাংশ লোকক শোষণ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ।"

শেহতীয়াকৈ অধিক হাৰত হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যৰ যোগানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতি । শনিবাৰে নগাঁও চহৰৰ মাজমজিয়াত যোগানমন্ত্ৰী ৰণজিৎ দাসৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধৰ মূল্যও বৃদ্ধি কৰি সৰ্বসাধাৰণক চৰকাৰখনে জুৰুলা কৰা বুলিও মন্তব্য কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সভাপতি মোছাব্বিৰ আলী আহমেদে । নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অত্যধিক বৰ্দ্ধিত মূল্য নিয়ন্ত্ৰণত যোগানমন্ত্ৰী তথা ৰাজ্য চৰকাৰ চূড়ান্ত ব্যর্থ হোৱা বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ।

ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসকলক ব্যৰ্থ মন্ত্ৰী আখ্যা দি ব্যৰ্থ মন্ত্ৰীসকলক বৰ্খাস্ত কৰিবলৈয়ো দাবী উত্থাপন কৰে সংগঠনটোৱে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সভাপতি মোছাব্বিৰ আলী আহমেদে । শনিবাৰে নগাঁও চহৰৰ মাজমজিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্য্যসূচীত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বহুগৰাকী নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

Last Updated : May 18, 2024, 10:42 PM IST

ABOUT THE AUTHOR

...view details