ডিব্ৰুগড়, 2 এপ্ৰিল: প্ৰকৃতিয়ে বৰণ সলাই ন-ৰূপ লৈ অসমীয়াৰ চেনেহৰ ব’হাগ আকৌ আহি পাবৰ হ'ল । বিৰিখে কোমল কুঁহিপাত মেলি জাননী দিছে ব’হাগৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ কপৌ-কেতেকী, মাধৈমালতী ফুলে ব’হাগৰ বতৰা লৈ বসন্তৰ সুবাস বিলাইছে ।
তাঁতশালত শিপিনীৰ ব্যস্ততাৰ অন্ত নোহোৱাৰ লগতে ঢুলীয়াই বতৰ চাই টানিছে ঢোলৰ বৰতী । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিহুৰ আখৰা । তেনে সময়ত ব’হাগৰ বতৰা লৈ বাৰীৰ চুকত ফুলি ৰৈছে মাখিয়তী । গ্ৰামাঞ্চলৰ বাৰীৰ ঢাপত থকা মাখিয়তী ফুলি উমান দিছে ব'হাগ বিহুৰ ।
আধুনিকতাৰ পৰশত বহুতে মাখিয়তী চিনি নাপালেও ব'হাগতে আদৰ বাঢ়ে মাখিয়তীৰ । ৰঙালী বিহুৰ গৰুবিহুৰ দিনা অতিকৈ প্ৰয়োজনীয় গছজোপা হ’ল মাখিয়তী । গৰুবিহুৰ দিনা গৰুক গা ধুৱাবলৈ নিয়া, পথাৰলৈ এৰি দিয়া, সন্ধিয়া পৰত ঘৰলৈ যেতিয়া ঘূৰি আহে তেতিয়া এই মাখিয়তী গছৰ পাতৰে গৰুক কোবোৱা হয় ।