অসম

assam

ETV Bharat / state

জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫ খন ৰাজ্যৰ ভিতৰত অসম; ২২ নম্বৰতহে পালে স্থান - ASSAM ECONOMIC STATUS

জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫ খন ৰাজ্যৰ ভিতৰত ২২ নম্বৰত অসম ৷ হিমন্ত বিশ্ব শৰ্মাৰ সপোনক অলীক কল্পনা বুলি অভিহিত কৰিলে অখিল গগৈয়ে ৷

PER CAPITA INCOME
চৰকাৰক সমালোচনা অখিল গগৈৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 11:21 AM IST

কাজিৰঙা: ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা হেণ্ডবুক অৱ ষ্টেটিছটিকছ অন ইণ্ডিয়ান ষ্টেটছ ২০২৩-২৪ ত উন্মোচিত হৈছে ৰাজ্যৰ আৰ্থিক বিকাশৰ প্ৰকৃত ছবি ৷ ৰিজাৰ্ভ বেংকে দেশৰ ২৫ খন ৰাজ্যৰ জনমূৰি আইৰ ওপৰত ভিত্তি কৰি আগবঢ়োৱা প্ৰতিবেদনত ২২ নম্বৰত স্থান পাইছে অসমে ৷ অৰ্থাৎ শেষৰ পৰা তৃতীয় স্থানত আছে অসম ৷ এই প্ৰতিবেদনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অখিল গগৈৰ ৷

অসমক দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোনক অলীক কল্পনা বুলি অভিহিত কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ বুধবাৰে সন্ধিয়া কাজিৰঙাত এক সংবাদমেলৰ আয়োজন কৰি অসমৰ অৰ্থনৈতিক অৱস্থাৰ ভয়াৱহ এখন ছবি উন্মোচিত কৰে বিধায়কগৰাকীয়ে ৷

অখিল গগৈয়ে সংবাদমেলত কয়, ‘‘যি সময়ত হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ প্ৰথম পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ ঘোষণা কৰিছে, সেয়া যে মাত্ৰ ভোকোভাওনাহে ইতিমধ্যেই প্ৰমাণিত হৈছে ৷ কাৰণ, পাঁচখন ৰাজ্যতো বাদেই দেশৰ দহখন উন্নত ৰাজ্যৰ ভিতৰতো নাই অসম ৷ জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫ খন ৰাজ্যৰ ভিতৰত ২২ নম্বৰত অসম ৷’’ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্যত এই কথা উল্লেখ থকা বুলি কয় অখিল গগৈয়ে ৷

বিধায়ক গগৈয়ে কয় যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা হেণ্ডবুক অৱ ষ্টেটিছটিকছ অন ইণ্ডিয়ান ষ্টেটছ ২০২৩-২৪ কালি প্ৰকাশ পালে ৷ য’ত, অসমৰ অৰ্থনৈতিক স্থিতিৰ বিষয়ে বহু ভয়ংকৰ তথ্য উন্মোচিত হৈছে৷ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য মতে, জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫ খন ৰাজ্যৰ ভিতৰত ২২ নম্বৰত অসম ৷ অৱশ্যে কেইখনমান ৰাজ্যৰ জনমূৰি আয়ৰ তথ্য ঘোষণা কৰা নাই ৰিজাৰ্ভ বেংকে ৷ কিন্তু, প্ৰকাশ কৰা তথ্যমতে, আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছিকিম ২৫ খন ৰাজ্যৰ ভিতৰত শীৰ্ষত আছে ৷ ছিকিমৰ জনমূৰি বছৰি আয় ৫ লাখ ৮৭ হাজাৰ ৭৪৩ টকা ৷ দ্বিতীয় স্থানত থকা দিল্লীৰ জনমূৰি বছৰি আয় ৪ লাখ ৬১ হাজাৰ ৯১০ টকা ৷

আনহাতে, তৃতীয় স্থানত থকা তেলেংগানাৰ জনমূৰি বছৰি আয় ৩ লাখ ৫৬ লাখ ৫৬৪ টকা ৷ কিন্তু, অসমৰ জনমূৰি বছৰি আয় মাত্ৰ ১ লাখ ৩৫ হাজাৰ ৭৮৭ টকা ৷

গগৈয়ে সংবাদমেলযোগে কয়, ‘‘মাত্ৰ তিনি বছৰত হিমন্ত বিশ্ব শৰ্মাই ঋণ লৈছে ৬১১৯১ কোটি টকা ৷ স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষৰটো বছৰলৈকে মানে ১৯৪৭ৰ পৰা ৩১ মার্চ, ২০১৬ লৈকে ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ ৪১,৯৬৪ কোটি টকা আছিল ৷ আনহাতে, সর্বানন্দ সোণোৱাল চৰকাৰৰ সময়ছোৱাত অৰ্থাৎ ২০১৬ চনৰ পৰা ২০২১ লৈকে ৫ বছৰত মুঠ ঋণ ৪৭,৭৪৫ কোটি টকা আছিল ৷ ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাত্ৰ তিনি বছৰত অৰ্থাৎ ৩১ মার্চ, ২০২১ ৰ পৰা ৩১ মার্চ, ২০২৪ লৈকে মুঠ ঋণ ৬১,১৯১ কোটি টকা লৈছে ৷’’

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত ৬৯ বছৰৰ অসমৰ ঋণ ৪১,৯৬৪ কোটি টকাৰ বিপৰীতে বিজেপি চৰকাৰৰ মাত্ৰ ৮ বছৰীয়া কাৰ্যকালত অসমৰ ঋণৰ পৰিমাণ ১ লাখ ৮ হাজাৰ ৯৩৬ কোটি টকা হৈছে ৷ এয়া ৰাজ্যখনৰ কাৰণেই অতিকৈ ভয়াৱহ বুলি উল্লেখ কৰে অখিল গগৈয়ে ৷

তেওঁ কয় যে তৰুণ গগৈ চৰকাৰৰ শেষৰটো কাৰ্যকাললৈকে অৰ্থাৎ ২০১৬ লৈকে ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ ৪১,৯৬৪ কোটি টকাৰ বিপৰীতে বিজেপি চৰকাৰে ৮ বছৰত ঋণৰ সুদ প্ৰদান কৰিছে ৪২ হাজাৰ কোটি টকা ৷ বৰ্তমান অৰ্থাৎ ৩১ মার্চ, ২০২৪ লৈকে অসমৰ সৰ্বমুঠ ঋণ পৰিমাণ হয়গৈ ১ লাখ ৫০ হাজাৰ ৯০০ কোটি টকা ৷

অখিল গগৈৰ সংবাদমেল (ETV Bharat)

ইতিমধ্য ২০১৬-১৭ বিত্তীয় বৰ্ষত ২,৯৬৪ কোটি টকা, ২০১৭-১৮ বিত্তীয় বৰ্ষত ৩,২০৫ কোটি টকা, ২০১৮-১৯ বিত্তীয় বৰ্ষত ৩,৮৪৪ কোটি টকা, ২০১৯-২০ বিত্তীয় বৰ্ষত ৪,৪৩৯ কোটি টকা, ২০২০-২১ বিত্তীয় বৰ্ষত ৫,১৯৯ কোটি টকা, ২০২১-২২ বিত্তীয় বৰ্ষত ৬,০৫২ কোটি টকা, ২০২২-২৩ বিত্তীয় বৰ্ষত ৭,৫৪৩ কোটি টকা আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত ৮,৮১৫ কোটি টকাকে ধৰি ৮ বছৰত মুঠ ঋণৰ সুদ পৰিশোধৰ পৰিমাণ ৪২,০৬১ কোটি টকা ৷

অখিল গগৈয়ে কয় যে সৰ্বানন্দ সোণোৱাল চৰকাৰ দিনত মুঠ ঋণৰ সুদ পৰিশোধৰ পৰিমাণ ১৯,৬৫১ কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত মুঠ ঋণৰ সুদ পৰিশোধৰ পৰিমাণ ২২,৪১০ কোটি টকা ৷ ইয়াৰ বিপৰীতে তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত অসম চৰকাৰৰ ১৫ বছৰত মুঠ ঋণৰ সুদ পৰিশোধৰ পৰিমাণ আছিল ২৬,৩৬৯ কোটি টকা ৷

সংবাদমেলত অখিল গগৈয়ে লগতে কয়, ‘‘ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা হেণ্ডবুক অৱ ষ্টেটিছটিকছ অন ইণ্ডিয়ান ষ্টেটছ অনুসৰি, স্বাধীনতাৰ পাচৰ পৰা ৩১ মাৰ্চ ২০২৪ পৰ্যন্ত অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ ১,৫০,৯০০ কোটি টকা যদিও এই কেইদিনত কমেও ২০০০০ কোটি টকাৰ ধাৰ লোৱা হৈছে ৷ তাৰমানে ১,৭০০০০ কোটি টকা মান ধাৰ হ’ব ৷’’

ৰাজ্যৰ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰতো অসমৰ স্থান ১৬ নম্বৰত বুলি উল্লেখ কৰে গগৈয়ে ৷ উৎপাদনমূলক কোনো ধৰণৰ পৰিকল্পনা নকৰি কেৱল ভোটবেংকৰ স্বাৰ্থত হিতাধিকাৰী সৃষ্টি কৰাটোৱেই হিমন্ত বিশ্ব শৰ্মাৰ মূল চিন্তা বুলি তীব্ৰ কটাক্ষ অখিল গগৈৰ ৷

তেওঁ কয়, ‘‘অৰুণোদয় আঁচনিৰ ১২৫০ টকাই ৰাইজৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে ৷ বৰং মানুহক উৎপাদন কৰিব পৰাৰ পৰিৱেশ কৰি দিব লাগে ৷ চৰকাৰৰ যি হ’ব লাগে সেয়া পালন কৰাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৷ আজিৰ তাৰিখতো অসমৰ জনগণে পথাৰৰ জলসিঞ্চনৰ বাবে ভেকুলী বিয়া পাতিব লাগে ৷ কেৱল পুঁজিপতিৰ স্বাৰ্থত কৰা চৰকাৰখনে সঁচা অৰ্থত জনগণৰ উন্নয়ন চিন্তা কৰা উচিত ৷ ইমান কোটি কোটি টকাৰ ঋণ লৈ অসমৰ জনগণৰ মূৰৰ ওপৰত ঋণৰ বোজা দিয়াটো অতিকৈ লজ্জাজনক ৷’’

গগৈয়ে আৰু কয় যে ঋণ পৰিশোধ কৰিবলৈ অসমৰ জনগণৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিত্যনতুন কৰ-কাটল লগাইছে ৷ যাৰ বাবে ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ ঋণৰ পৰা পৰিত্ৰাণ পাবলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ উফৰাবৰ বাবে সকলো জনগণক মাৰবান্ধি ওলাই আহিবলৈ অখিল গগৈয়ে আহ্বান জনায় ৷

লগতে পঢ়ক:বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ দৰেই অসমত সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ চলিছে: অখিল গগৈ

ABOUT THE AUTHOR

...view details