গুৱাহাটী : কোকৰাঝাৰত কটকটীয়া নিৰাপত্তা বেষ্টনী । হঠাৎ ৰূপ সলনি হৈছে কোকৰাঝাৰৰ । কিয়নো ১৭ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰে পৰা কোকৰাঝাৰৰ বি টি চি সচিবালয়ত আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন । প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন ।
ইফালে বাজেট অধিৱেশনৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি আন মন্ত্রী-বিধায়কসকলে সোমবাৰে পুৱাই দিছপুৰৰ পৰা পাঁচখন চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হৈছে । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও আৰামদায়ক, বিলাসী, চার্টার্ড বাছৰ যাত্ৰী হৈছে । দিছপুৰৰ পৰা বাছকেইখনে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে কোকৰাঝাৰ অভিমুখে । যাত্ৰাপথত বজালীত তেওঁলোকে পুৱাৰ আহাৰ গ্ৰহণ কৰি বি টি চি বিধান পৰিষদীয় ভৱনত দিনৰ ১১ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই অধিৱেশন উপলক্ষে বিধান পৰিষদীয় ভৱনত ১২৬ খন আসন সাজু কৰা হৈছে ।
পূৰ্বৰ দৰে পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে এইবাৰ বিধানসভাৰ প্ৰথম দিনটোৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ'ব । অৱশ্যে অধিৱেশনৰ পৰৱৰ্তী দিনকেইটাৰ কাৰ্যক্ৰমণিকা দিছপুৰ বিধানসভা সচিবালয়তে আগৰ সময় অনুসৰি অনুষ্ঠিত হ'ব ।
লক্ষণীয় বিষয় যে প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । এই অধিৱেশন উপলক্ষে প্ৰশাসনে সমগ্ৰ কোকৰাঝাৰ নগৰক নতুনকৈ সজাই-পৰাই তুলিছে । অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লৈ সকলো দিশ তদাৰক কৰিছে বি টি চিৰ মুৰব্বী প্ৰমোদ বড়োৰ লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।