ডিব্ৰুগড়:ৰাজ্যত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ লগে লগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা বলবৎ হ'ব । শাসকীয় দল বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নিজৰ সাংগঠনিক নেতৃত্ব সলনি কৰি সমষ্টিয়ে সমষ্টিয়ে দল শক্তিশালী কৰাত ব্যস্ত হৈছে ।
এইবাৰ ৰাজ্যত প্ৰথমবাৰলৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব অসম জাতীয় পৰিষদ । নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে জন্মলাভ কৰা অসম জাতীয় পৰিষদে প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচন খেলাৰ বাবে পৰিকল্পনা যুগুত কৰিছে । শুকুৰবাৰে নাহৰকটীয়াত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় শিল্পী দিৱসত অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনৰ পৰিকল্পনাৰ কথা জনালে সভাপতি লুৰীণজ্যোতি গগৈয়ে । শক্তিশালীভাৱে হ'বলগা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বাবে যে অসম জাতীয় পৰিষদে ৰণনীতি প্ৰস্তুত কৰিছে সেই কথা নিশ্চিত হৈছে সভাপতিগৰাকীৰ মন্তব্যত ।
- পঞ্চায়ত নিৰ্বাচনক লৈ কি পৰিকল্পনা অসম জাতীয় পৰিষদৰ :
দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নাহৰকটীয়াত অনুষ্ঠিত কেন্দ্ৰীয় শিল্পী দিৱসত অংশগ্ৰহণ কৰি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসমৰ জাতীয় জীৱনৰ মহান মনিষী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে ।
লগতে হ'ব লগা পঞ্চায়ত নিৰ্বাচনক লৈ সাংবাদিকৰ আগত কয়, "অসম জাতীয় পৰিষদ দলক শক্তিশালী কৰিবলৈ এক দীৰ্ঘম্যাদী পৰিকল্পনা কৰা হৈছে । ২০২৫ বৰ্ষটো সাংগঠনিক সম্প্ৰসাৰণ বৰ্ষ হিচাপে লৈ কাম আগবঢ়াইছো । পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৱাৰ্ড ভিত্তিত কেনেকৈ সংগঠন কৰিম, বিধানসভা নিৰ্বাচনৰ বাবে সমষ্টিসমূহত কেনেকৈ সংগঠন কৰিম লগতে ভাতৃ-ভগ্নী সংগঠনসমূহক কেনেকৈ তৃণমূল পৰ্যায়লৈ আগুৱাই নিম তাৰ পৰিকল্পনা কৰা হৈছে ।’’