অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

চৰকাৰী খৰচতে পঢ়ুৱাব পাৰিব ব্যক্তিগত বিদ্যালয়ত ! অসম চৰকাৰৰ চৰকাৰৰ বিশেষ আঁচনি - Assam Education Department

Private schools in Assam : ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ২৫ শতাংশ আসনত চৰকাৰে নিজা খৰচত পঢ়ুৱাব দৰিদ্ৰ শিক্ষাৰ্থীক ৷ বৰ্তমানলৈকে ২৩ খন জিলাৰ তিনি সহস্ৰাধিক বিদ্যালয়ৰ তালিকা প্ৰস্তুত শিক্ষা বিভাগৰ ৷ উচ্চ মানবিশিষ্ট মাতৃভাষা মাধ্যমৰ প্ৰাইভেট বিদ্যালয়ৰ ২৫ শতাংশ আসন চৰকাৰে লোৱাৰ চিন্তা-চৰ্চা কৰিছিল ২৯ জুলাইৰ কেবিনেট বৈঠকত ৷ কেবিনেটৰ নিৰ্দেশৰ পিছত শিক্ষা বিভাগৰ উদ্যোগ গ্ৰহণ ৷

Private schools in Assam
চৰকাৰী খৰচত ব্যক্তিগত বিদ্যালয়ত নামভৰ্তিৰৰ যো-জা (ETV Bharat Assam)

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : অসম চৰকাৰে কেবিনেটত আলোচনা কৰা এটা বিষয় কাৰ্যকৰী কৰাৰ দিশে অগ্ৰসৰ হৈছে শিক্ষা বিভাগ ৷ ৩১ জুলাইত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত স্থানীয় মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ক লৈ বিশেষ চিন্তা-চৰ্চা কৰা হৈছিল ৷ ৰাজ্যৰ নীতি-নিয়মত হোৱা উচ্চ মানবিশিষ্ট মাতৃভাষা মাধ্যমৰ প্ৰাইভেট বিদ্যালয়ৰ ২৫ শতাংশ আসন চৰকাৰে লোৱাৰ চিন্তা-চৰ্চা কৰিছিল ২৯ জুলাইৰ কেবিনেট বৈঠকত ৷

এই ২৫ শতাংশ আসনৰ মাচুল ৰাজ্য চৰকাৰে বহন কৰিব ৷ এই আসনত দৰিদ্ৰ শিক্ষাৰ্থীক গুণগত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে ৷ এই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ বাবে কেবিনেটে শিক্ষা বিভাগক নিৰ্দেশ দিছিল ৷ কেবিনেটত কেৱল মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰতহে সেয়া প্ৰযোজ্য কৰাৰ কথা হৈছিল ৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত সেয়া প্ৰযোজ্য নহ'ব ৷ কেবিনেটৰ সিদ্ধান্তৰ পাছতে সেই দিশত কাম আৰম্ভ কৰিছে শিক্ষা বিভাগে ৷

কেবিনেটৰ নিৰ্দেশ অনুসৰি শিক্ষা বিভাগৰ পদক্ষেপ :

কেবিনেটত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত ২৫ শতাংশ আসন দুখীয়া ল'ৰা-ছোৱালীৰ বাবে সংৰক্ষণ কৰাৰ কথা কোৱা হৈছিল ৷ অর্থাৎ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ২৫ শতাংশ আসন সংৰক্ষণ কৰি শিক্ষাৰ্থীৰ নামভৰ্তি, মাচুলৰ বাবদ হোৱা সমস্ত ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে ৷ কেবিনেটৰ নিৰ্দেশনাৰ পাছতে বিদ্যালয় শিক্ষা বিভাগে ২৩খন জিলাৰ ২৩৯৬খন প্ৰাথমিক স্তৰৰ আৰু ১১৮৬খন মাধ্যমিক স্তৰৰ বিদ্যালয়ত ২৫ শতাংশ আসন সংৰক্ষণ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰিছে ৷ ৰাজ্যৰ বৃহৎসংখ্যক ব্যক্তিগত শিক্ষানুষ্ঠানত চৰকাৰে নামভৰ্তিৰ বাবে আসন সংৰক্ষণ কৰি চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে ভাল কৰিছে নে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে ভাল কৰিছে সেয়া বিচাৰ্যৰ বিষয় ৷ কিন্তু ইয়াৰ দ্বাৰা চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা আৰু অধিক হ্ৰাস পোৱাটো নিশ্চিত ৷

চৰকাৰী বিদ্যালয়ৰ অৱস্থা আৰু চৰকাৰী পদক্ষেপ :

চৰকাৰী ধনেৰে শিক্ষক নিযুক্তি, শিক্ষক প্ৰশিক্ষণ, বিনামূলীয়া পাঠ্যপুথি, ইউনিফর্ম যোগান ধৰাৰ লগতে সমগ্ৰ শিক্ষাৰ অধীনত লাভ কৰা হাজাৰ হাজাৰ কোটি টকা চৰকাৰী শিক্ষানুষ্ঠানৰ নামত ব্যয় কৰি থকা ৰাজ্য চৰকাৰৰ এনে পদক্ষেপে কেতবোৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক উদগনি যোগোৱাৰ বিপৰীতে কিয় চৰকাৰে ৰাজহুৱা খণ্ডৰ বিদ্যালয়ক সেই পৰ্যায়লৈ নিব পৰা নাই তথা তাৰ ব্যৱস্থা কৰা নাই ৷ চৰ্চালৈ আহিছে সেই প্ৰসংগ ৷

উল্লেখ্য যে ৰাজ্যৰ প্ৰায় ৩৪ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত মাত্ৰ ৬৫৯৫খন বিদ্যালয়তহে এশগৰাকীৰ ওপৰত শিক্ষার্থী আছে৷ অর্থাৎ প্ৰায় ২৮ হাজাৰ বিদ্যালয়ত ১০০ শিক্ষার্থীও নাই ৷ প্ৰয়োজনসংখ্যক শিক্ষার্থী নথকাত কেবাহাজাৰ বিদ্যালয় বন্ধ কৰি ইতিমধ্যে ওচৰৰ বিদ্যালয়ৰ লগত চামিল কৰা হৈছে৷ এনেয়ে চৰকাৰী বিদ্যালয়ত নামভৰ্তিত অভিভাৱকৰ অনীহা, তাতে আকৌ চৰকাৰী খৰচত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াৰ সুযোগ পালে চৰকাৰী বিদ্যালয়ত পঢ়াৰ অৱশিষ্ট আগ্ৰহো স্বাভাৱিকতে নোহোৱা হ’ব শিক্ষার্থী-অভিভাৱকৰ ৷

জিলাভিত্তিত তালিকা প্ৰস্তুত ব্যক্তিগত বিদ্যালয়ৰ :

নাম প্ৰকাশত অনিচ্ছা প্ৰকাশ কৰা শিক্ষা বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে চৰকাৰৰ এই নতুন আঁচনি কাৰ্যকৰী কৰিবলৈ গোৱালপাৰা জিলাত ২৫ শতাংশ আসন সংৰক্ষণ কৰি নামভৰ্তি কৰিবলৈ ২০০খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তালিকা যুগুত কৰা হৈছে ৷ সেইদৰে বৰপেটা জিলাত ১৮১খন, কাছাৰ জিলাত ১৭০খন, চৰাইদেউ জিলাত ৫৬খন, দৰং জিলাত ৯৭খন, ধুবুৰী জিলাত ২৬৫খন, ডিব্ৰুগড় জিলাত ১৬০খন, গোলাঘাট জিলাত ১৫২খন,নগাঁও জিলাত ২৪১খন, নলবাৰী জিলাত ১০৮খন আৰু যোৰহাট জিলাত ১৩৬খন ব্যক্তিগত বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰিছে শিক্ষা বিভাগে৷ ৰাজ্যৰ ২৩খন জিলাৰ মুঠ ২৩৯৬খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চৰকাৰী খৰচেৰে শিক্ষাৰ্থীক অধ্যয়নৰ সুবিধা দিবলৈ তালিকা প্ৰস্তুত কৰিছে শিক্ষা বিভাগে ৷

ষষ্ঠ অনুসূচীৰ জিলাকে ধৰি হোজাই, শিৱসাগৰ আৰু বঙাইগাঁও জিলাৰ কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক এতিয়ালৈকে তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই ৷ মাধ্যমিক স্তৰত ধেমাজি আৰু দৰঙৰ ৭৩খন, কামৰূপৰ ৬০খন, লখিমপুৰৰ ২৫খন, দক্ষিণ শালমাৰা মানকাচৰৰ ৩৪খন, মৰিগাঁৱৰ ৩৭ খন,গোৱালপাৰাৰ ২২৫খন, বঙাইগাঁৱৰ ৩৯খন, ধুবুৰীৰ ৮০খনসহ মুঠ ১১৮৬খন ব্যক্তিগত খণ্ডৰ হাইস্কুলত ২৫ শতাংশ আসন দুখীয়া শিক্ষাৰ্থীৰ বাবে সংৰক্ষণ কৰাৰ তালিকা প্ৰস্তুত কৰিছে শিক্ষা বিভাগে ৷

লক্ষ্যণীয় বিষয় যে চৰকাৰী খণ্ডৰ বিদ্যালয়ত নামভৰ্তি, পাঠ্যপুথি, ইউনিফর্ম বিনামূলীয়াকৈ যোগান ধৰাৰ লগতে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা থকাৰ পিচতো শিক্ষাৰ্থীৰ অভাৱত এখনৰ পিচত এখনকৈ বিদ্যালয় বন্ধ কৰি গৈছে ৷ শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি কৰি চৰকাৰী বিদ্যালয়ক সময়ৰ সৈতে আগুৱাই নিয়াৰ চেষ্টা কৰাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি বৃদ্ধিতহে গুৰুত্ব দিছে চৰকাৰে ৷

লগতে পঢ়ক :ৰাজ্যত ৫ লাখৰো অধিক অদৃশ্য শিক্ষাৰ্থীৰ নামত ব্যয় বুজন পৰিমাণৰ পুঁজি

শিক্ষাবৰ্ষৰ ছমাহ পাছতো যোগান ধৰা নাই মূল্যায়ন-অভ্যসন বহী

বিদ্যালয়ৰ পাঠ্যক্ৰমত পুনৰ অন্তৰ্ভুক্ত হ’ব চৰিত্ৰ-পাঠ

ABOUT THE AUTHOR

...view details