নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী :অসম চৰকাৰে সত্ৰ আৰু অন্যান্য সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰতিষ্ঠানসমূহক বেদখলৰ বিপদৰ পৰা সুৰক্ষিত কৰিবলৈ বেল্ট আৰু ব্লক সৃষ্টি কৰিব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে ।
"অসম চৰকাৰে সত্ৰ আৰু অন্যান্য সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰতিষ্ঠানসমূহক বেদখলৰ বিপদৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ বেল্ট আৰু ব্লক সৃষ্টি কৰিব । সমগ্ৰ ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।" শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ উদ্ধৃতিৰে এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হয় ।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মিছন বসুন্ধৰা ৩.০-ৰ অধীনত ৰাজ্যখনৰ ধৰ্মীয় প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আৰু অংগনৱাড়ী কেন্দ্ৰসমূহক ভূমি পট্টা প্ৰদান কৰা হ'ব ।
তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ধলাত মিছন বসুন্ধৰা ২.০-ৰ হিতাধিকাৰীসকলক ভূমি পট্টা বিতৰণৰ বাবে আয়োজিত এক অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে ২০২৬ চনৰ ভিতৰত সকলো যোগ্য হিতাধিকাৰীক এনে পট্টা প্ৰদান কৰিব, যাতে কোনো প্ৰকৃত নাগৰিক তেওঁৰ ভূমিৰ ওপৰত আইনী অধিকাৰৰ পৰা বঞ্চিত নহয় ।