গুৱাহাটী, ৩ আগষ্ট : ৰাজ্যত সুৰাৰ বন্যা বোৱাই আৱকাৰী ৰাজহ বৃদ্ধিত গুৰুত্ব দিয়া অসম চৰকাৰে এইবাৰ বিত্তীয় অৱস্থা টনকিয়াল কৰাৰ উদ্দেশ্যে বহু বছৰ ধৰি বন্ধ হৈ থকা ৰাজ্যিক লটাৰী পুনৰ প্ৰচলন কৰাৰ বাবে চিন্তা-চৰ্চা চলাই আছে ৷ উদং ৰাজকোষ টনকিয়াল কৰাৰ বাবে এইবাৰ ৰাজ্য চৰকাৰৰ চকু পৰিছে লটাৰীত । অসমত প্ৰায় দুটা দশক ধৰি বন্ধ হৈ থকা লটাৰী পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে চৰকাৰখনে উদ্যোগ গ্ৰহণ কৰিছে । এককথাত ক’বলৈ গ’লে অসমত পুনৰ আৰম্ভ হ’ব চৰকাৰী লটাৰী ।
ৰাজহ বৃদ্ধিৰ বাবে লটাৰী পুনৰ প্ৰৱৰ্তনৰ চিন্তা-চৰ্চা :
মূলতঃ ৰাজহ বৃদ্ধিৰ লক্ষ্য আগত ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে পুনৰ অসম ৰাজ্যিক লটাৰী আৰম্ভ কৰাৰ বাবে চিন্তা চর্চা কৰিছে । ইতিমধ্যে অসম চৰকাৰে এই সন্দৰ্ভত বিস্তৃত আঁচনি প্ৰস্তুত কৰিছে । অসম ৰাজ্যিক লটাৰী সঞ্চালকালয়ৰ এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে চৰকাৰী লটাৰী বন্ধ হৈ থকাৰ ফলত ৰাজ্য চৰকাৰখনে প্ৰতি বছৰে প্ৰায় দুহেজাৰ কোটি টকাৰ ৰাজহ হেৰুৱাইছে । কিয়নো ৰাজ্য চৰকাৰে অসম ৰাজ্যিক লটাৰী বন্ধ কৰি ৰাখিছে যদিও বহিঃৰাজ্যৰ লটাৰী আৰু বহুতো অবৈধ লটাৰী ৰাজ্যৰ বিভিন্ন স্থানত চলি আছে ।
এনেদৰে চলি থকা লটাৰীসমূহৰ ফলত প্ৰতিদিনেই ৰাজ্যখনৰ পৰা বৃহৎ পৰিমাণৰ ধন বহিঃৰাজ্যলৈ ওলাই যায় । ৰাজ্য চৰকাৰে বহিঃৰাজ্যলৈ যোৱা এই ধন বন্ধ কৰি নিজৰ পুঁজি বৃদ্ধি কৰাৰ বাবেই নিজাকৈ পুনৰ লটাৰী আৰম্ভ কৰিবলৈ বিচাৰিছে । নাম প্ৰকাশত অনিচ্ছুক বিভাগীয় কৰ্মচাৰীজনে জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰে ৰাজ্যিক লটাৰী পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতেও আলোচনা কৰিছে ।
যদিহে ৰাজ্যখনত পুনৰ লটাৰী আৰম্ভ হয় তেনেহ’লে প্ৰতি বছৰে চৰকাৰখনৰ প্ৰায় ২৫০০ কোটিৰ পৰা ৩০০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ হ’ব বুলি আশা কৰা হৈছে । যিটো অসমৰ দৰে ৰাজ্য এখনৰ বাবে এক বৃহৎ অংকৰ ধন । লক্ষ্যণীয় বিষয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ নিজা ৰাজহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে । সেয়েহে ৰাজ্য চৰকাৰখনে দীর্ঘদিন ধৰি বন্ধ হৈ থকা লটাৰীৰ পুনৰ আৰম্ভ কৰি ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ।
প্ৰস্তুত কৰা হৈছে বিস্তৃত আঁচনি :
ৰাজ্যৰ বৰ্তমানৰ বিত্তীয় পৰিস্থিতিৰে মোকাবিলা কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগ আৰু শীৰ্ষ প্ৰশাসনীয় বিষয়াৰ তৎপৰতাত ৰাজ্যিক লটাৰী পুনৰ প্ৰচলনৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত অসম চৰকাৰে এখন আঁচনি প্ৰস্তুত কৰিছে ৷ মুখ্যমন্ত্ৰীৰ অনুমোদন সাপেক্ষে এই আঁচনি প্ৰস্তুত কৰি ৰাজ্যিক লটাৰীৰ সঞ্চালকৰ জৰিয়তে এখন প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ ওচৰত শীঘ্ৰে পেচ কৰা হ’ব বুলি জানিব পৰা গৈছে ।
সংগ্ৰহ হ’ব বছৰি তিনি হাজাৰ কোটি টকাৰ ৰাজহ :
ৰাজ্যিক লটাৰী পুনৰ প্ৰচলনৰ জৰিয়তে ৰাজ্যৰ ৰাজহলৈ প্ৰায় তিনি হাজাৰ কোটি টকা বছৰি সংগ্ৰহৰ লক্ষ্যৰে এটা প্ৰতিষ্ঠানে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে । এই সন্দৰ্ভত ৰাজ্যিক লটাৰী সঞ্চালকালয়ে এখন প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ ওচৰত শীঘ্ৰে দাখিল কৰিব । প্ৰতিষ্ঠানটোৱে বহিঃৰাজ্যত লটাৰী খেল পৰিচালনা কৰি থকা প্ৰতিষ্ঠানৰ সৈতে ইতিমধ্যে এক চুক্তিত উপনীত হোৱা বুলিও জানিব পৰা গৈছে ।