গুৱাহাটী, ১৪ মাৰ্চ :ভাৰত চৰকাৰৰ দৰে অসম চৰকাৰেও ৰাজ্যিক কৰ্মচাৰীসকলৰ মৰগীয়া বানচ (ডি এ) ৪ শতাংশ বৃদ্ধি কৰিলে । বৃহস্পতিবাৰে দিছপুৰৰ লোক সেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই । ব'হাগ বিহুৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীলৈ বৃহৎ উপহাৰ দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
সংবাদমেলত অসম চৰকাৰৰ কৰ্মচাৰীৰ ৪ শতাংশকৈ ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰি মুখ্যমন্ত্রীয়ে কয় যে চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা এই ঘোষণা কাৰ্যকৰী হ'ব । এতিয়াৰে পৰা ৫০ শতাংশকৈ ডি এ লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীয়ে । এপ্ৰিল মাহৰ দৰমহাত কৰ্মচাৰীসকলে বৰ্ধিত ডি এ লাভ কৰিব আৰু তিনি মাহৰ বকেয়া ডি এ কৰ্মচাৰীসকলে মে', জুন আৰু জুলাই মাহৰ দৰমহাত তিনিটা কিস্তিত লাভ কৰিব ।
আনহাতে শিক্ষানুষ্ঠানত চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্রতো মুখ্যমন্ত্রীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰে । এতিয়াৰে পৰা এল পি স্কুল, এম ই স্কুল আৰু হাইস্কুলৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি সংশ্লিষ্ট গাঁও নাইবা পঞ্চায়ততে সীমাবদ্ধ থাকিব । ইয়াৰ বাবে নীতি প্ৰণয়নৰ কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে নিযুক্তি সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত হ'ব যদিও বাহিৰৰ পৰা নহ'ব । এল পি স্কুলৰ ক্ষেত্রত বিদ্যালয়খন থকা ৰাজহ গাঁৱৰ পৰা যোগ্যতাৰ ভিত্তিত চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিয়া হ'ব । সেইদৰে এম ই আৰু হাইস্কুলৰ ক্ষেত্রত সংশ্লিষ্ট গাঁও পঞ্চায়তৰ পৰা নিযুক্তি দিয়া হ'ব ।
সংবাদমেলত মুখ্যমন্ত্রীয়ে বিদ্যুতৰ প্ৰসংগতো গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ঘৰতে সৌৰশক্তি উৎপাদন কৰি বিদ্যুৎ মাচুল শূন্য কৰাৰ বাবে চৰকাৰে সৌৰশক্তি পেনেল লগোৱাৰ বাবে প্ৰদান কৰিব ৰাজসাহায্য । অসমত বৰ্তমান সময়ত ৩ হাজাৰ গৃহত সৌৰশক্তি তথা সৌৰ পেনেল আছে ।
মুখ্যমন্ত্রীয়ে কয় যে প্ৰধানমন্ত্রী সৌৰঘৰ আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭৫ হাজাৰ কোটি টকাৰ আৱণ্টন দিছে আৰু ইয়াৰ যোগেদি দেশৰ ১ কোটি জনতাৰ ঘৰত সৌৰশক্তি পেনেল লগোৱাৰ লক্ষ্য লোৱা হৈছে । এক কিলোৱাট সৌৰশক্তি উৎপাদনৰ বাবে সৌৰশক্তি পেনেলৰ বাবদ খৰচ হয় ৫০ হাজাৰ টকা । সেইদৰে দুই কিলোৱাটত ১ লাখ আৰু তিনি কিলোৱাটত ১.৫ লাখ টকা খৰচ হয় । এই আঁচনিৰ অধীনত কেন্দ্ৰই ১ কিলোৱাটৰ ক্ষেত্রত ৩০ হাজাৰ টকা, দুই কিলোৱাটৰ ক্ষেত্রত ৬০ হাজাৰ টকা আৰু তিনি কিলোৱাটৰ ক্ষেত্রত ৭৮ হাজাৰ টকা দিব ।
অসম চৰকাৰে এই আঁচনিখনত কিছু সংযোজন ঘটাই আৰু কিছু ৰাজসাহায্য দিয়াৰ কথা ঘোষণা কৰিছে । সেই অনুসৰি অসম চৰকাৰে এক কিলোৱাটত ১৫ হাজাৰ টকা, দুই কিলোৱাটত ৩০ হাজাৰ টকা আৰু তিনি কিলোৱাটত ৪৫ হাজাৰ টকা ৰাজসাহায্য দিব । অৰ্থাৎ এক কিলোৱাটৰ ক্ষেত্রত ৫ হাজাৰ টকা, দুই কিলোৱাটত ১০ হাজাৰ টকা আৰু তিনি কিলোৱাটত ২৫ হাজাৰ টকা নিজে খৰচ কৰিব লাগিব । এই খৰচো বিদ্যুৎ বিল শূন্য হোৱাৰ লগে লগে উঠি যাব । আনহাতে ৰাজ্যিক কৰ্মচাৰীসকলে 'আপোন ঘৰ'ৰ দৰে সৌৰশক্তি পেনেলৰ বাবে বেংকৰ পৰা ঋণ ল'ব পাৰিব । তদুপৰি সুদৰ এক শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব ।