অসম

assam

ETV Bharat / state

ৰমেন ডেকাক শুভেচ্ছা জনাবলৈ গৈ আৱেগিক হৈ পৰিল ভৱেশ ‌কলিতা - Chhattisgarh Governor Ramen Deka - CHHATTISGARH GOVERNOR RAMEN DEKA

Bhabesh Kalita on Ramen Deka : ৰমেন ডেকাক শুভেচ্ছা জনাবলৈ গৈ আৱেগিক হৈ পৰে ভৱেশ কলিতা । ৰমেন ডেকাৰ বিজেপিলৈ অৱদান সুঁৱৰি আৱেগ বিহ্বল বিজেপিৰ সভাপতিগৰাকীয়ে তেওঁক থোকাথুকি মাতেৰে শুভেচ্ছা জনায় । এক অব্যক্ত দুখে ভৱেশ কলিতাৰ অন্তৰাত্মাত আঘাত কৰাৰ উমান পোৱা যায় তেওঁৰ ভাবাবেগত । দুচকুত প্ৰকাশ পায় তেওঁৰ অব্যক্ত বেদনা ।

Bhabesh Kalita on Ramen Deka
ৰমেন ডেকাক শুভেচ্ছা ৰাজ্যিক বিজেপিৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 5:57 PM IST

গুৱাহাটী, ৩০ জুলাই : নতুনকৈ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা ৰমেন ডেকাক সম্বৰ্ধনা জনাই আৱেগিক হৈ পৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ।

ৰমেন ডেকাক শুভেচ্ছা ৰাজ্যিক বিজেপিৰ (ETV Bharat Assam)

উল্লেখ্য যে শেহতীয়াভাৱে ৰাষ্ট্ৰপতিয়ে ৰাজ্যপাল হিচাপে নিযুক্তি দিছে ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাক । নৱনিযুক্ত ৰাজ্যপাল ৰমেন ডেকাক শুভেচ্ছা তথা সম্বৰ্ধনা জনাবলৈ মঙলবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান ।

এই অনুষ্ঠানত ৰমেন ডেকাক শুভেচ্ছা জনাবলৈ গৈ ভৱেশ কলিতা যথেষ্ট আৱেগিক হৈ পৰা দেখা যায় । ৰমেন ডেকাৰ বিজেপিলৈ অৱদানৰ কথা সুঁৱৰি আৱেগ বিহ্বল বিজেপিৰ সভাপতিগৰাকীয়ে তেওঁক থোকাথুকি মাতেৰে শুভেচ্ছা জনায় । এক অব্যক্ত দুখে ভৱেশ কলিতাৰ অন্তৰাত্মাত আঘাত কৰাৰ উমান পোৱা যায় তেওঁৰ ভাবাবেগত । যাৰ বাবে তেওঁ বহু সময় মূক হৈ থাকে । মাত্ৰ দুচকুত প্ৰকাশ পায় তেওঁৰ অব্যক্ত বেদনা । তেওঁৰ সেমেকা দুচকুৰ ভাষা কিবা প্ৰকাৰে সম্বৰণ কৰি নিজৰ ভাষণ সামৰি ততাতৈয়াকৈ আঁতৰি যায় ।

উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড় ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিয়া উপলক্ষে মঙলবাৰে বশিষ্ঠ চাৰিআলিস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সম্বৰ্ধনা জনোৱা হয় । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰমেন ডেকাক সম্বৰ্ধনা জনায় ।

নিজৰ ভাষণত ভৱেশ কলিতাই কয়, "ৰমেন ডেকাই এক আপোচবিহীন ৰাজনীতি কৰিছিল । সুবিধাবাদী ৰাজনীতি কৰা নাছিল । এক আদৰ্শ আৰু বিচাৰধাৰা লৈ তেওঁ ৰাজনীতি কৰিছিল । ৰমেন ডেকাৰ দৰে কেইগৰাকীমানৰ অশেষ ত্যাগৰ পিচত আজি বিজেপি দলে এই অৱস্থা পাইছে ।"

তেওঁ লগতে কয়, "১৯৮৫ চনত অগপৰ জয়ময়-ময়ময় অৱস্থাৰ‌ সময়ত ৰমেন ডেকাই অগপৰ বিৰুদ্ধে নিৰ্বাচন খেলি বিজেপিৰ ধ্বজা উৰুৱাইছিল । ২০০১ চনৰ পৰা বিজেপিৰ প্ৰতীকত তেওঁ নিৰ্বাচন খেলি অৱশেষত ২০০৯ চনত বিজেপিৰ সাংসদ হৈছিল ।" ৰমেন ডেকাৰ দৰে ৰাজনীতিকক নৱপ্ৰজন্মই জনা উচিত বুলিও ভৱেশ কলিতাই মন্তব্য কৰে ।

লগতে পঢ়ক :অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত ল'লে লক্ষ্মণ প্ৰসাদ আচাৰ্যই - Assam Governor LP Acharya
লগতে পঢ়ক :উত্তৰ প্ৰদেশ বিজেপিৰ জ্যেষ্ঠ নেতাক অসমৰ ৰাজ্যপালৰ দায়িত্ব : নতুন ৰাজ্যপালৰ তালিকাত নাম ৰমেন ডেকাৰ - Governor reshuffle

ABOUT THE AUTHOR

...view details