ডিফু, ১ অক্টোবৰ:ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘ (আৰ এছ এছ)ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কার্বি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতিক দল অল পার্টি হিলছ লীডাৰছ কনফাৰেন্স চমুকৈ APHLC দলে । APHLC ৰ সভাপতি জন ইংতি কাথাৰে আৰ এছ এছে কেনেদৰে জনজাতীয়, অনুসূচীত জাতি, খিলঞ্জীয়া অসমীয়া আৰু মুছলমান মহিলাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ জাল পেলাইছে সেয়া ব্য়াখ্য়া কৰে ।
এপিএইচএলচিৰ সভাপতিগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয়, "আৰএছএছে জনজাতীয়, অনুসূচীত জাতি, খিলঞ্জীয়া অসমীয়া আৰু মুছলমান মহিলাক পতিতা সজাবলৈ চেষ্টা কৰিছে ৷ সংগঠনটোৰ ৮ নং নির্দেশনাত জনজাতীয়, অনুসূচীত জাতি, খিলঞ্জীয়া আৰু মুছলমান মহিলাসকলক পতিতা ৰূপে ব্যৱহাৰ কৰাৰ নির্দেশ আছে । সংগঠনটোৰ এই নির্দেশ কার্যকৰী কৰাত এতিয়া আৰএছএছৰ নেতা-কর্মীসকল নামি পৰিছে ।"
ৰুদ্রাক্ষ মালা পৰিধান কৰা এগৰাকী অনা-খিলঞ্জীয়া আৰএছএছ নেতাই কাৰ্বি আংলঙৰ এগৰাকী খিলঞ্জীয়া মহিলাৰ সৈতে অনৈতিক কর্মত লিপ্ত হৈ থকাৰ এক ভিডিঅ' ভাইৰেল হৈ পৰাৰ কথা উল্লেখ কৰি আৰএছএছৰ বিৰুদ্ধে এইদৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰে এপিএইচএলচিৰ সভাপতিগৰাকীয়ে । তেওঁ ৰুদ্রাক্ষ পৰিধান কৰা সেই বিশেষ ব্যক্তিগৰাকীৰ নাম নাজানে বুলি উল্লেখ কৰি এনে অপকর্মত লিপ্ত হোৱাসকলৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ দাবী জনায় ।