অসম

assam

ETV Bharat / state

প্ৰসংগ স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি : মুখ্যমন্ত্ৰীলৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্ন - APCC QUESTIONS ON CM

গুৱাহাটীত স্থাপন হ’বনে স্বাধীনতা সংগ্ৰামী বাবু ছবিলাল উপাধ্যায় প্ৰতিমূৰ্তি ? এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্ন ৷

Assam Budget
প্ৰসংগ স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি (file photo-ANI)

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 7:09 AM IST

গুৱাহাটী : উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ বাক-বিতণ্ডাত বহু প্ৰসংগ চৰ্চালৈ আহিছে । ইতিমধ্যে বোকা ছটিওৱাৰ ৰাজনীতিত গৰম হৈ পৰিছে ৰাজ্যৰ পৰিৱেশ । বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ ।

ইফালে বিভিন্ন জনগোষ্ঠীক আকৰ্ষণ কৰাৰ বাবে শাসকীয় দলৰ সমানে বিৰোধীয়েও বিভিন্ন কৌশল অৱলম্বন কৰিছে । শাসকীয় দল বিজেপিয়ে গোৰ্খাসকলক আকৰ্ষণ কৰাৰ লক্ষ্যৰে বিশেষ ঘোষণা কৰিছে ।

অসম বাজেট (ETV Bharat Assam)

বিশেষকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰদায়টোৰ এগৰাকী বৰেণ্য সত্তা, স্বাধীনতা সংগ্ৰামী বাবু ছবিলাল উপাধ্যায়ক সন্মান জনাই অসম চৰকাৰে ৰাজধানী গুৱাহাটীত তেখেতৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা ঘোষণা কৰিছে । এই সন্দর্ভত গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ এখন পত্ৰ লিখি উপযুক্ত স্থান চিনাক্ত কৰি এই কামটোক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে । ইফালে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ ।

  • মুখ্যমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি সঁচাকৈয়ে নিৰ্মাণ কৰিব নে ? প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ

নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি ৰাজনৈতিক স্বাৰ্থ আৰু ভোটৰ অংকত লৰালৰিকৈ মুখ্যমন্ত্ৰীয়ে বিশিষ্ট স্বাধীনতা সংগ্ৰামী আৰু স্বাধীনোত্তৰ অসমৰ এগৰাকী অন্যতম আগশাৰীৰ কংগ্ৰেছ নেতা প্ৰয়াত ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি গুৱাহাটীত নিৰ্মাণৰ কথা ঘোষণা কৰিছে ।

মুখ্যমন্ত্রীলৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্ন (ETV Bharat Assam)

বাবু ছবিলাল উপাধ্যায়ৰ দৰে স্বাধীনতা সংগ্ৰামী আৰু বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তি গুৱাহাটীত নিৰ্মাণৰ সিদ্ধান্ত আদৰণীয় ৷ কিন্তু এনেদৰে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি ভোটৰ অংক বা নিৰ্বাচনী উদ্দেশ্য সন্মুখত ৰাখি ঘোষণা কৰাতো দুৰ্ভাগ্যজনক । এনে কাৰ্যই সেই বিশিষ্ট স্বাধীনতা সংগ্ৰামী গৰাকীৰ ব্যক্তিত্ব আৰু অৱদানক লাঘব কৰে । - এই বক্তব্য প্ৰদেশ কংগ্ৰেছৰ ।

লগতে পঢ়ক :উপ-নিৰ্বাচনত পুত্ৰ পৰাজিত হোৱাৰ ভয়ত ৰকিবুল হুছেইন নাৰ্ভাছ হৈ পৰিছে : হিমন্ত বিশ্ব শৰ্মা

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয়,

"মুখ্যমন্ত্ৰীক মনত পেলাই দিব বিচাৰিছো যে আপুনি বিত্তমন্ত্ৰী হিচাপে ২০১৯-২০ চনৰ বাজেটত অসম সচিবালয়ৰ চৌহদত অসমৰ ইতিহাসৰ কিংবদন্তি স্বৰূপ স্বনামধন্য শাসনকৰ্তা ক্ৰমে কামৰূপৰ অধিপতি কুমাৰ ভাস্কৰ বৰ্মন, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওল্যুং চ্যুকাফা আৰু কোঁচ ৰাজ্যৰ নৃপতি মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল । বাজেটৰ ৪৬ নং পৃষ্ঠাৰ ক্ৰমিক নং ২৩৪ আৰু ২৩৫ ত আপুনি এই ঘোষণা কৰিছিল । লগতে আপুনি এইবুলিও কৈছিল যে মই বিশ্বাস কৰো, অকল এইসকল মহৎ লোকৰ প্ৰতি শ্ৰদ্ধা তৰ্পণেই নহ'ব, ই আমাৰ লগতে সমূহ কৰ্মচাৰীসকলকো সুশাসনৰ পথ অনুসৰণ কৰাৰ প্ৰেৰণা যোগাই থাকিব । কিন্তু বাস্তবত জানো যোৱা ৫ বছৰত বাজেটৰ সেই ঘোষণা বা প্ৰতিশ্ৰুতি ৰূপায়ণ হ'ল ? কি যুক্তি বা কাৰণত খোদ বাজেটত ঘোষণা কৰাৰ ৫ বছৰৰ পাছতো অসম বুৰঞ্জীৰ এই কিংবদন্তিস্বৰুপ মহান শাসনকৰ্তা কেইগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কামেই আৰম্ভ নকৰিলে ? এইয়া মহান শাসনকৰ্তা কেইগৰাকীৰ প্ৰতি আপোনাৰ আৰু বিজেপি চৰকাৰৰ চৰম অনীহা আৰু অপমান নহয় নে ? গতিকে বাজেটত ঘোষণা কৰা অনুসৰিয়েই অসমৰ ইতিহাসৰ আটাইতকৈ স্বনামধন্য শাসনকৰ্তা কেইজনৰ প্ৰতিমূৰ্তিকে নিৰ্মাণ কৰিব নোৱাৰা আপোনাৰ দৰে মুখ্যমন্ত্ৰীয়ে উপনিৰ্বাচনৰ ৰাজনৈতিক স্বাৰ্থত ঘোষণা কৰা প্ৰয়াত বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি সঁচাকৈয়ে যে নিৰ্মাণ কৰিব নে ?"

মুখ্যমন্ত্রীলৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্ন (ETV Bharat Assam)
লগতে পঢ়ক :চাহ জনগোষ্ঠী-গোৰ্খা সম্প্ৰদায় সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ গৌৰৱ গগৈৰ ৫ টা প্ৰশ্ন

মুখ্যমন্ত্ৰীৰ প্ৰতি এই প্ৰশ্ন কৰি তেওঁ কয়,

"কংগ্ৰেছ দলে সদায়েই অসমৰ গৌৰবোজ্জল ইতিহাসৰ, স্বাধীনতা সংগ্ৰামৰ তথা জাতীয় জীৱনৰ পুৰোধা ব্যক্তিসকলে যথাযোগ্য সন্মান আৰু সমাদৰ পোৱাটো বিচাৰো । মুখ্যমন্ত্ৰীয়ে বাজেটত ঘোষণা কৰা তিনিওগৰাকী মহান শাসনকৰ্তা আৰু শুকুৰবাৰে ঘোষণা কৰা বিশিষ্ট কংগ্ৰেছ নেতা তথা স্বাধীনতা সংগ্ৰামী গৰাকীৰ প্ৰতিমূৰ্তিও বাস্তৱত নিৰ্মাণ কৰি প্ৰকৃতাৰ্থত শ্ৰদ্ধা তৰ্পণ কৰিব বুলি আশা কৰিলো ।"

লগতে পঢ়ক :মহাভৈৰৱ মন্দিৰত আশিস ল’লে সোণোৱালে: দেওবাৰে বিহালীত চলাব নিৰ্বাচনী প্ৰচাৰ

লগতে পঢ়ক :সংখ্যালঘু ভোটাৰক আকৰ্ষণ কৰিবলৈ অৱশেষত পুত্ৰৰ নিৰ্বাচনী প্ৰচাৰত নামিল মাতৃ

ABOUT THE AUTHOR

...view details