গুৱাহাটী:পৰীক্ষা দিলেও ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীয়ে চাকৰিৰ বাবে অপেক্ষা কৰিব লাগিব ছমাহ । এবছৰৰো অধিক সময় ৩৯ লাখ মহিলাই লাখপতি হ’বলৈ অপেক্ষা কৰি ভাগৰি পৰাৰ পাছত এইবাৰ আশাত বন্দী হৈ থাকিব লগীয়া হৈছে প্রায় ৩৫ লাখ নিবনুৱা যুৱক-যুৱতীয়ে ।
লক্ষণীয় বিষয় যে বাইদেউসকল লাখপতি কেতিয়াকৈ হ'ব সেই কথাৰ উত্তৰ চৰকাৰে এতিয়ালৈকে দিয়া নাই । তেওঁলোক এতিয়া আশাত বন্দী হৈ আছে । এইবাৰ চাকৰিৰ বাবে পৰীক্ষা দিয়া নিবনুৱাসকলে নিযুক্তিৰ বাবে আৰু ছমাহ অপেক্ষা কৰিব লাগিব । অৱশ্যে অপেক্ষা কৰিলেও এইক্ষেত্রত নিশ্চয়তা আছে ।
ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১২,৬০০ পদৰ নিযুক্তিৰ বাবে পৰীক্ষাত বহাৰ পাছতো অহা ১০ মে'লৈ অপেক্ষে কৰিব লাগিব লাখ লাখ পৰীক্ষাৰ্থীয়ে । কাৰণ ১০ মে'ত ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি । সেই দিনটোতহে চৰকাৰে বিতৰণ কৰিব নিযুক্তি পত্র । অর্থাৎ পৰীক্ষাত বহাৰ পৰা নিযুক্তি পাবলৈ তেওঁলোকে আৰু ছমাহলৈ ৰ'ব লাগিব ।
১০ মে'ৰ ভিতৰতহে মাধ্যমিক শিক্ষকসকলৰ নিযুক্তি
ইফালে, যোৱা বছৰৰ ডিচেম্বৰত বিজ্ঞাপন প্ৰকাশ হোৱাৰ পাছতে প্ৰাথমিক পৰ্যায়ত ৫,৫৫০টা পদৰ বাবে আৱেদন জনোৱাৰ ১০ মাহ উকলি যোৱাৰ মুহূৰ্ততো প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰা নাই । আনহাতে, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে যে মাধ্যমিক পৰ্যায়ত ৯,৭১৭ পদত নিযুক্তি হ'ব । কিন্তু ১০ মে'ৰ ভিতৰতহে মাধ্যমিক শিক্ষকসকলৰ নিযুক্তি হ'ব ।