অসম

assam

অসম চুক্তিৰ ৬নং দফা: ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ পৰামৰ্শ কাৰ্যকৰীকৰণৰ কেবিনেটৰ সিদ্ধান্তক ইতিবাচক আখ্যা আছুৰ - AASU on Assam cabinet decision

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 5:20 PM IST

Assam Accord 6th clause: ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা আয়োগে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত আগবঢ়োৱা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা কাৰ্যকৰী কৰাৰ পোষকতা কৰিছে অসম চৰকাৰে ৷ লখিমপুৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে সিদ্ধান্ত ৷ এই সিদ্ধান্তক ইতিবাচক সিদ্ধান্ত আখ্যা দিছে আছুৱে ৷

AASU on Assam cabinet decision
কেবিনেটৰ সিদ্ধান্তক ইতিবাচক আখ্যা আছুৰ (ETV Bharat Assam)

গুৱাহাটী, ৫ ছেপ্টেম্বৰ: অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণক লৈ অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক আদৰণি সদৌ অসম ছাত্ৰ সন্থাৰ । অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কেবিনেটৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া ৷ লখিমপুৰত বুধবাৰে হোৱা অসম চৰকাৰৰ কেবিনেটে অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰীকৰণক লৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ৫৭ টা পৰামৰ্শৰ কাৰ্যকৰী কৰাৰ বাবে লোৱা সিদ্ধান্তক ইতিবাচক সিদ্ধান্ত আখ্যা দিছে আছুৱে ৷

কেবিনেটৰ সিদ্ধান্তক ইতিবাচক আখ্যা আছুৰ (ETV Bharat Assam)

উল্লেখ্য যে, অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা আয়োগৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা কাৰ্যকৰী কৰা ক্ষেত্ৰত কালি লখিমপুৰত অনুষ্ঠিত অসম কেবিনেটে অনুমোদন জনায় । অসম চুক্তিৰ ৬ নং দফাত উপযুক্ত সাংবিধানিক, আইনী আৰু প্ৰশাসনিক সুৰক্ষাৰ জৰিয়তে অসমবাসীৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য সুৰক্ষিত, সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ পোষকতা কৰা হৈছে ৷

আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে এই সন্দৰ্ভত কয়, “এই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিলে আমি আশ্বস্ত হ’ব পাৰিম । অসম চৰকাৰৰ আওঁতাত পৰা খিনি অসম চৰকাৰে কাৰ্যকৰী কৰক ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰৰ আওঁতাত পৰা খিনিও কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই কাৰ্যকৰী কৰাটো আমি বিচাৰিছো ৷”

“অসমৰ জনসাধাৰণক ফলাফল লাগে আৰু আছুক ফলাফল লাগে । কাৰ্যকৰী কৰিবলৈ যিখিনি সহায় লাগে আমি সদৌ অসম ছাত্ৰ সন্থাই সহায় কৰিম, সহযোগিতা আগবঢ়াম । চৰকাৰে যি আলোচনা কৰে সেই আলোচনাত সহযোগিতা কৰিম । কেন্দ্ৰীয় চৰকাৰে কৰিব লগাখিনি কৰিম বুলি ক’লে আশ্বস্ত হ’ম” বুলি লগতে মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ ভট্টাচাৰ্যই ৷

ইয়াৰ উপৰিও আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, “অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এই প্ৰতিবেদনত পৰামৰ্শ দিয়া হৈছে । অসম চৰকাৰৰ এই সিদ্ধান্ত ফলাফললৈ ৰূপান্তৰ হওক আমি সেই আশা কৰিছো । এই কমিটী কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ৷ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আখৰে আখৰে কাৰ্যকৰী কৰা হ’ব বুলি কৈছিল । প্ৰতিবেদনখনত কিছুমান কাম আছে কেন্দ্ৰীয় চৰকাৰৰ আৰু কিছুমান কাম আছে অসম চৰকাৰৰ । কিছুমান পৰামৰ্শ আছে যিবোৰ কাৰ্যকৰী কৰিবলৈ আইন সংশোধন কৰিব লাগিব ।”

মন কৰিবলগীয়া যে কেন্দ্ৰীয় চৰকাৰে অসমত CAA বিৰোধী আন্দোলনৰ সময়ত গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৱলীৰ ১০ টা পৰামৰ্শ কাৰ্যকৰী কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ বাবে অসম চৰকাৰে প্ৰচেষ্টা হাতত ল’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছে । লগতে কেবিনেটত কাৰ্যকৰীকৰণৰ বাবে অনুমোদিত ৫৭ টা পৰামৰ্শ ২০২৫ চনৰ ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰীকৰণৰ যি সিদ্ধান্ত তাক আছু্ৱে আদৰণি জনাইছে ৷ লগতে একেদৰেই সময়সীমাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক আনবোৰ পৰামৰ্শও কাৰ্যকৰী কৰিবলৈ আহ্বান আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ ৷

লগতে পঢ়ক:অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৫৭ টা পৰামৰ্শত অনুমোদন কেবিনেটৰ - Assam Accords Clause 6

চৰকাৰী কৰ্মচাৰীৰ বাবে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : পাব কি কি সুবিধা ? - HIMANTA BISWA SARMA

ABOUT THE AUTHOR

...view details