অসম

assam

ETV Bharat / state

প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাকৈ বিনামূলীয়া কোচিং চেণ্টাৰ খোলাৰ পোষকতা আছুৰ - AASU Felicitation Programme

New Education Policy : নতুন শিক্ষানীতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা জিলাই বিনামূলীয়া কোচিং চেণ্টাৰ খোলাৰ কথাও প্ৰকাশ কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷ চাওক বিতং খবৰ...

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 10:13 PM IST

AASU FELICITATION PROGRAMME
বিনামূলীয়া কোচিং চেণ্টাৰ খোলাৰ পোষকতা আছুৰ (ETV Bharat Assam)

নগাঁও, 7 জুলাই:প্ৰজন্মই প্ৰজন্মই যোগ্য প্ৰশাসনিক বিষয়া সৃষ্টিৰ প্ৰয়োজন আছে অসমত ৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা জিলাই বিনামূলীয়া কোচিং চেণ্টাৰ খোলা হ'ব ৷ এই ভাষ্য প্ৰদানৰে ৰাজহ সংগ্ৰহৰ নামত মাচুল সংগ্ৰহ কৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

নগাঁও আছুৰ অভিনন্দন অনুষ্ঠান (ETV Bharat Assam)

দেওবাৰে নগাঁৱত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক কঠোৰ সমালোচনা কৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা টেঙা-মিঠা বহুত তিক্ততা লাভ কৰাৰ কথা উল্লেখ কৰি ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷

লগতে পঢ়ক:শিৱসাগৰত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান - AASU Felicitation programme

ৰাজ্য চৰকাৰে শেহতীয়াকৈ ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ এই দুয়োখন ব’ৰ্ডক একত্ৰিত কৰি ৰাজ্যিক ব’ৰ্ডলৈ ৰূপান্তৰ কৰিলে ৷ ৰাজ্যিক ব’ৰ্ডক এক জাতীয় অনুষ্ঠান বুলিও অভিহিত কৰে আছুৰ উপদেষ্টাগৰাকীয়ে ৷ কিন্তু একেখন ব'ৰ্ডৰ ক্ষেত্ৰত উপাচাৰ্য পৰ্যায়ৰ এজন ব্যক্তিক মুৰব্বী হিচাপে লৈ স্বতন্ত্ৰভাৱে ৰাজ্যিক ব’ৰ্ডখনক সকলো ক্ষমতা দিয়াৰো পোষকতা কৰে আছু নেতাগৰাকীয়ে ৷

ব'ৰ্ডৰ মুৰব্বী পদত উপাচাৰ্য পৰ্যায়ৰ ব্যক্তিক মুৰব্বী হিচাপে অধিষ্ঠিত কৰিলে চৰকাৰী বিদ্যালয় আৰু মাতৃভাষাৰ বিদ্যালয়ত অসমীয়া ভাষা গতিশীল হ'ব বুলি উল্লেখ কৰে ড৹ ভট্টাচাৰ্যই ৷ অসমত যোগ্য প্ৰশাসনিক বিষয়া সৃষ্টিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰাকৈ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আছুৰ তৰফৰ পৰা জিলাই জিলাই কোচিং চেণ্টাৰ খোলাৰ কথাও ঘোষণা কৰে ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ লগতে নতুন শিক্ষানীতিৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

লগতে পঢ়ক:নৱনিযুক্ত সহকাৰী প্ৰৱক্তাসকলক পাঠ্যপুথিৰ লগত বন্ধুত্ব ৰাখিবলৈ পৰামৰ্শ শিক্ষামন্ত্রীৰ - New Education Policy

আনহাতে, চৰকাৰে ৰাজহ সংগ্ৰহৰ নামত মহাবিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুল আদায় কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে ৷ সমান্তৰালকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত হোৱা বিসংগতিৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ড৹ ভট্টাচাৰ্যই ৷

তদুপৰি গুৱাহাটীৰ নৰ্দমাত পিছলি পৰি মৃত্যু ঘটা অবিনাশ সৰকাৰ নামৰ 8 বছৰীয়া শিশুটিৰ কৰুণ মৃত্যুৰ বিষয়তো শোকপ্ৰকাশ কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

লগতে পঢ়ক:হৃদয়বিদাৰক ! উঁৱলি যোৱা অৱস্থাত নৰ্দমাত ওলাল অবিনাশৰ মৃতদেহ - Minor boy drowns in drain

45 ঘণ্টা পাৰ হ'ল, এতিয়াও সন্ধান ওলোৱা নাই অবিনাশৰ : উদ্ধাৰ অভিযানস্থলীত মুখ্যমন্ত্ৰী - Minor Boy Drowns In Drain

অবিনাশৰ সন্ধানত নলাই নলাই অভিযান প্ৰশাসনৰ - Minor boy drowns in drain

ABOUT THE AUTHOR

...view details