তেজপুৰ :এগৰাকী বিশেষভাৱে সক্ষম যুৱক । বৰ্তমানৰ যান্ত্ৰিকতা আৰু আধুনিকতাৰ লগত নিজকে খাপ খুৱাই লোৱাৰ প্ৰয়াস । কিন্তু সেয়া অইন বিশেষ কামত নহয়, তেওঁৰ জীৱিকা নিৰ্বাহত । বিশেষভাৱে সক্ষম হোৱাৰ বাবে আন দহজনৰ দৰে তেওঁ স্বাভাৱিকভাৱে উপাৰ্জনৰ পথ ল'ব পৰা নাই । ইয়াৰ পৰিৱৰ্তে তেওঁ ভিক্ষা বৃত্তিৰে জীৱন নিৰ্বাহৰ পথ মুকলি কৰিছে । কিন্তু তাতো তেওঁ গ্ৰহণ কৰিছে এক বিশেষ পন্থা ।
ডিজিটেল মাধ্যমেৰে ভিক্ষা বিচাৰে ৰাইজৰ পৰা
শাৰীৰিকভাৱে সক্ষম লোকৰ বাবে চৰকাৰে বহু সময়ত বহু সুবিধা প্ৰদান কৰি আহিছে যদিও তাৰ মাজতে এনে বহু লোক থাকি গৈছে যিসকলে এই সুবিধাবোৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । তাৰে এক বিশেষ উদাহৰণ হৈছে এই যুৱকজন । বিশেষভাৱে সক্ষম হোৱাৰ বাবে তেওঁ অন্য কোনো উপাৰ্জনমূলক কাম কৰিব নোৱাৰে । অৱশ্যে মন থাকিলেও আৰ্থিক অসুবিধাৰ বাবে তেওঁ আগবাঢ়িব পৰা নাই । ফলস্বৰূপে তেজপুৰ চহৰৰ বিভিন্ন স্থানত ভিক্ষা খুজি তেওঁৰ লগতে পৰিয়ালটো পোহপাল দি আহিছে ।
তেজপুৰত সকলোৰে দৃষ্টি কাঢ়িছে এজন বিশেষ ভিক্ষাৰীয়ে (ETV Bharat Assam)
ঘৰখনৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি আবুল হুছেইন নামৰ যুৱকজন । তেওঁৰ ঘৰ হোজাই জিলাত । কিন্তু তেওঁ হোজাইৰ পৰা আহি তেজপুৰৰ দুলাবাৰীত থাকি এইদৰে ভিক্ষা বৃত্তিৰে জীৱন যাপন কৰি আছে ।
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত আবুল হুছেইন
বৰ্তমান সময়ত দুখীয়া-নিচলা বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ বাবে আছে বিভিন্ন চৰকাৰী আঁচনি । কিন্তু নিয়তিৰ পৰিহাস যে তেওঁ তেনে কোনো আঁচনি লাভ কৰা নাই । অৱশ্যে বিশেষভাৱে সক্ষম হোৱাৰ বাবে এখন হাতেৰে চলোৱা ৰিক্সা চৰকাৰীভাৱে লাভ কৰিছিল । কিন্তু তেওঁ সেইখন গৃহজিলাত চলাই ফুৰাটো অসম্ভৱ । কাৰণ জিলাখনৰ বাট-পথবোৰত সেইখন চলাই ফুৰাৰ বাবে উপযোগী নহয় ।
এই সন্দৰ্ভত তেওঁ কয়, "বিশেষভাৱে সক্ষম যদিও চৰকাৰীভাৱে কোনো সহায় লাভ কৰিবলৈ সক্ষম হোৱা নাই । মোৰ ইচ্ছা একে ঠাইতে বহি যিকোনো এটা ব্যৱসায় আৰম্ভ কৰাৰ । কিন্তু আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই । চৰকাৰক আহ্বান জনাইছোঁ যেন আৰ্থিক সাহায্য প্ৰদান কৰে । যাতে স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিব পাৰোঁ ।
অৱশ্যে আবুলে এখন বিশেষভাৱে সক্ষম লোকে চলাব পৰা স্কুটি লাভ কৰিছে । বৰ্তমান সেইখনেৰে তেওঁ চলা-ফুৰা কৰে । এই স্কুটিখন তেওঁক এজন ব্যক্তিয়ে কিনি দি বিশেষভাৱে সক্ষম ব্যক্তিয়ে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰি দিছে । তেওঁ এই স্কুটিখন প্ৰত্যেক দিনে তেজপুৰ সদৰ থানাত থৈ তেওঁ ভিক্ষা আৰম্ভ কৰে ।