চৰাইদেউ:ভাৰত স্বাধীন হোৱা বহু বছৰ হ'ল যদিও ভাৰত বৰ্ষক শাসন কৰা ইংৰাজসকলে এৰি যোৱা বহু সামগ্ৰীৰে আজিও ইংৰাজ শাসনৰ স্মৃতি সজীৱ কৰি ৰাখিছে । আপুনি ইংৰাজ আৰু ইউৰোপীয়ানসকলে ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰা আচবাব যদি চাব খোজে তেতিয়া হ'লে আহিব লাগিব চৰাইদেউ জিলাৰ মথুৰাপুৰলৈ । চৰাইদেউৰ মথুৰাপুৰৰ এজন লোকৰ ব্যতিক্ৰমী প্ৰয়াস ।
ব্ৰিটিছৰ দিনৰ সামগ্ৰী সংৰক্ষণত ব্যস্ত চৰাইদেউৰ মথুৰাপুৰৰ মইন আহমেদ । কেৰাচিনত চলা ফেন, ১৭০৬ চনৰ কফী বনোৱা মেচিন, প্ৰথম আবিস্কাৰ হোৱা ঘড়ীকে আদি কৰি নানা আপুৰুগীয়া সম্পদ চাবলৈ হ'লে আপুনি আহিব লাগিব মইন আহমেদে নিজৰ গৃহতেই আৰম্ভ কৰা সংগ্ৰাহালয়লৈ । য'ত আছে ইংৰাজসকলৰ লগতে বিভিন্ন দেশৰ আপুৰুগীয়া বহু সামগ্ৰী ।
এই সংগ্ৰাহালয়ত ২০০ বছৰৰ পৰা আৰম্ভ কৰি ৪০০ বছৰ পুৰণি সামগ্ৰীও সংগ্ৰহ কৰি সযতনে ৰখা আছে । নিজৰ কৰ্ম জীৱন তথা পৰিয়ালৰ ব্যস্ততাৰ মাজতো তেই এই প্ৰচেষ্টা অব্যাহত ৰাখে । ১৮৪৫ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেৰাচিনত চলা ফেন আৰু ১৭০৬ চনৰ কফী বনোৱা মেচিনেও এই সংগ্ৰাহালয়ত বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে ।
এই সংগ্ৰহালয়ত থকা প্ৰতিটো বস্তুৰ সৈতে জড়িত হৈ আছে ইতিহাস । সৰুৰে পৰাই পুৰণি সামগ্ৰী সংৰক্ষণত প্ৰৱল আগ্ৰহৰ বাবেই এপদ এপদকৈ সামগ্ৰীসমূহ সংৰক্ষণ কৰি মইন আহমেদ বৰ্তমান সময়ত নিজৰ গৃহটো সংগ্ৰহালয়ৰ ৰূপ দিবলৈ সক্ষম হৈছে ।
- কি কি আপুৰুগীয়া সম্পদ সংৰক্ষিত হৈ আছে সংগ্ৰহালয়টোত:
ইউৰোপীয়ানসকলৰ ১৭০৬ চনৰ কফী বনোৱা যন্ত্ৰ । ১৮৪৫ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেৰাচিনত চলা ফেন । ফেনখন আজিও কাৰ্যক্ষম হৈ আছে । ভাৰতবৰ্ষৰ লগতে বিভিন্ন দেশত প্ৰথম আৱিস্কাৰ হোৱা ঘড়ীসমূহ সংৰক্ষণ কৰা হৈছে এই সংগ্ৰাহালয়ত ।
টাইটান ঘড়ী কোম্পানীয়ে প্ৰথম আবিস্কাৰ কৰা অট'মেটিক ঘড়ী, এলুইন কোম্পানীৰ অ'টোমেটিক হাত ঘড়ী; যিকেইটা কোনো ধৰণৰ বেটাৰী সংযোগ নাই কেৱল হাতত পিন্ধি দিলেই সক্ৰিয় হৈ উঠে । লগতে HMT কোম্পানীৰ প্ৰথম চাবি দিয়া ঘড়ীটো সংৰক্ষিত হৈ আছে সংগ্ৰাহালয়টোত ।
এইটো ঘড়ী দিনটোত এবাৰ চাবি দিলে সক্ৰিয় হৈ থাকে । লুপ্ত হৈ পৰা বহু দেশ বিদেশৰ মুদ্ৰা সংৰক্ষণত হৈ আছে । ১০০, ১৫০, ১০০০ টকাৰ মুদ্ৰা সংৰক্ষিত কৰা হৈছে । এইসমূহ মুদ্ৰা বিভিন্ন স্মৃতিত নিৰ্মাণ কৰা । জৰ্জ ৱাচিংটন, জন অৱ কেনেদী, আব্ৰাহম লিংকনৰ স্মৃতিত নিৰ্মাণ কৰা মুদ্ৰাসমূহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে মইন আহমেদে ।