লখিমপুৰ : সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰিছিল ক’ভিড অতিমাৰীয়ে । বিশ্বৰ বিভিন্ন দেশে লক ডাউনৰ দৰে বিভিন্ন কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি, প্ৰতিষেধক লৈ এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয় । সম্প্ৰতি ক’ভিড আঁতৰিল যদিও একাংশৰ দুৰ্ভোগ এতিয়াও আঁতৰা নাই ।
উল্লেখ্য যে ক’ভিডকালীন পৰিস্থিতিত লক ডাউনৰ বাবে সকলো দুৱাৰ মাৰি ঘৰৰ ভিতৰ সোমাইছিল । কিন্তু তেতিয়াও ৰে’ল ষ্টেচন, বাছ আস্থান, গছৰ তল আদিত পৰি ৰৈছিল একাংশ মানসিক বিকাৰগ্ৰস্ত গৃহহীন লোক । তেনে একাংশ লোকৰ দুৰ্ভোগ আজিও আঁতৰা নাই ।
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰণালয়ৰ অধীনত লখিমপুৰত থকা জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰই সেই সময়ত তেনে লোকৰ হৈ কাম কৰিছিল ৷ লক ডাউনৰ সময়ত জিলা প্ৰশাসনে তেনে একাংশ লোকক জাগৃতিৰ হাতত অৰ্পণ কৰে ।
তেওঁলোকে প্ৰথমে ডিব্ৰুগড়ৰ জিলা পৰিষদৰ এটা গৃহত তেনে লোকসকলক ৰাখি চিকিৎসা আৰু পৰিচৰ্যা কৰে । ক’ভিডকালীন পৰস্থিতি অন্ত পৰাৰ পাছত তেওঁলোকে সেই ঘৰটো আজৰাই দিবলগীয়া হোৱাত আন এটা ঘৰৰ ব্যৱস্থা কৰে যদিও নিৰাপত্তাজনিত কাৰণত তাতো বেছিদিন ৰাখিব নোৱাৰিলে ।
পৰৱৰ্তী সময়ত এই মানুহখিনি বিভিন্ন ঠাইত ৰখাৰ প্ৰস্তুতি কৰা হয় যদিও মানসিক বিকাৰগ্ৰস্ত লোকক ৰখাৰ বাবে সমীপৰ লোকে আপত্তি কৰাত অৱশেষত ডিব্ৰুগড়ৰ উদয়পুৰ জপৰা গাঁৱত এটা ঘৰ ক্ৰয় কৰি তাতে এই গৃহহীন মানসিক বিকাৰগ্ৰস্ত লোক সকলক ৰাখি চিকিৎসা আৰু পৰিচৰ্যা কৰি আছে ।
- কি কয় অধীক্ষক লক্ষীপ্ৰভা গগৈয়ে :
অধীক্ষক লক্ষীপ্ৰভা গগৈৰ তত্বাৱধানত শতাধিক গৃহহীন মানসিক বিকাৰগ্ৰস্ত লোকে আশ্ৰয় গ্ৰহণ কৰি আছে । তেওঁ কয়, ‘‘ক’ভিডকালিন পৰিস্থিতিত জিলা প্ৰশাসনে আমাৰ হাতত ৰে’ল ষ্টেচন বাছ আস্থান গছৰ তল আদিত পৰি থকা মানসিক বিকাৰগ্ৰস্তসকলক অৰ্পণ কৰিছিল । প্ৰথমে জিলা পৰিষদৰ এটা ঘৰত ৰখাৰ পাছত বিভিন্ন স্থান সলনি কৰি বৰ্তমান এই কেন্দ্ৰটোত তেওঁলোকক ৰখা হৈছে । প্ৰথমে পুৰুষ-মহিলা সকলোকে ৰখা হৈছিল যদিও পাছত পুৰুষসকলক ধেমাজিৰ এটা কেন্দ্ৰলৈ পঠোৱা হয় আৰু এই কেন্দ্ৰটোত কেৱল মহিলাকহে ৰখাৰ ব্যৱস্থা কৰা হয় । কেন্দ্ৰটোত এনে শতাধিক মানসিক বিকাৰগ্ৰস্ত লোকে আশ্ৰয় গ্ৰহণ কৰিছে । ইয়াৰে যিসকলৰ ঠিকনা আছিল তেওঁলোকক সুস্থ কৰি ঘূৰাই পঠোৱা হৈছে যদিও গৃহহীনসকলে এতিয়াও এই কেন্দ্ৰতে আছে ।’’
- জাগৃতিৰ সম্পাদক গৌতম কুমাৰ শইকীয়াই কি কয় :