ডিব্ৰুগড়, 28 জানুৱাৰী :ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলত আজি অৰ্থাৎ দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলন । সমগ্ৰ বিশ্বৰ প্ৰাচীন সংস্কৃতিসমূহ ৰক্ষাৰ উদ্দেশ্যে বিশ্বৰ ৩০ খনতকৈ অধিক দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ কৰে এই অনুষ্ঠানত ৷
দেওবাৰৰ পৰা পাঁচদিনীয়াকৈ ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ চৌহদত অনুষ্ঠিত হৈছে এই অনুষ্ঠান । বিশ্বৰ ভিন্ন দেশৰ কলা কৃষ্টি সভ্যতা উপস্থাপন হ'ব লগা এই অনুষ্ঠানৰ আৰম্ভণিৰ দিনটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ লগতে এই অনুষ্ঠানত উপস্তিত থাকে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত ।
বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ প্ৰথম দিনটোতে ৰাজ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সভ্যতা সংস্কৃতি সন্দৰ্ভত এক চমু অৱলোকন দাঙি ধৰে । অসমৰ জাতি জনগোষ্ঠীৰ স্বকীয়তাৰ বিষয়েও অৱগত কৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰতিনিধিসকলক ।