অসম

assam

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 9:23 PM IST

Updated : Jul 17, 2024, 10:11 PM IST

ETV Bharat / state

গুৱাহাটীত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ শিশুসহ অগ্নিদগ্ধ ৪ জন - Guwahati Transformer explosion

Guwahati Transformer explosion: মহানগৰীৰ বিৰুবাৰীত ভয়ংকৰ অঘটন । ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ অগ্নিদগ্ধ ৪ জন । ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জনাই GMCH কৰ্তৃপক্ষই ।

4 with children, burnt to death in transformer explosion in Guwahati
ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ শিশুসহ অগ্নিদগ্ধ ৪ জন (ETV Bharat Assam)

গুৱাহাটী,১৭ জুলাই: অবিনাশ সৰকাৰৰ শোকাবহ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওতেই বুধবাৰে বিয়লি মহানগৰীত সংঘটিত হয় আন এক শোকাবহ ঘটনা । মহানগৰীৰ বিৰুবাৰীত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ অগ্নিদগ্ধ শিশুসহ ৪ জন । অগ্নিদগ্ধ আটাইকেইজনকে ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত । ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জনাই GMCH কৰ্তৃপক্ষই ।

ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ শিশুসহ অগ্নিদগ্ধ ৪ জন (ETV Bharat Assam)

জানিব পৰা মতে বুধবাৰে বিয়লি প্ৰায় ৩.০০ বজাত সংঘটিত হয় এই শোকাবহ ঘটনা । ছয়গাঁৱৰ গৰৈমাৰীৰ পৰা গুৱাহাটীলৈ আহিছিল ফুৰিবলৈ বুলি আহিছিল এটা পৰিয়াল । কিন্তু ঘৰলৈ ওভতাৰ সময়তে বিৰুবাৰীৰ আৰক্ষী চকীৰ সমীপৰ হাউছ নং ৪৭ ৰ চৌহদত থকা ট্ৰেন্সফৰ্মাৰটো বিস্ফোৰণ হৈ সংঘটিত হয় এই ঘটনা । পৰিয়ালটো ঘৰলৈ বুলি গাড়ীত উঠিবলৈ লওতেই বিস্ফোৰণ ঘটে ট্ৰেন্সফৰ্মাৰটো । ভুক্তভোগীৰ পৰিয়ালৰ সদস্যই জনোৱা অনুসৰি বিস্ফোৰিত ট্ৰেন্সফৰ্মাৰটো আছিল এটা ব্যক্তিগত ট্ৰেন্সফৰ্মাৰ ।

আগ্নিদগ্ধ আটাইকেইজনকে GMCH ত চিকিৎসা প্ৰদান কৰি থকা হৈছে যদিও চিকিৎসকে জনোৱা অনুসৰি ইতিমধ্যে শিশুটিৰ শৰীৰৰ প্ৰায় ৯৫% অগ্নিদগ্ধ হোৱাৰ লগতে শিশুটিৰ মাতৃৰ শৰীৰৰ প্ৰায় ৮৫% অগ্নিদগ্ধ হৈছে । একেটা পৰিয়ালৰ নিশান্ত তিৱাৰী, ৰিংকী তিৱাৰী আৰু মীৰা তিৱাৰীৰ লগতে আন এজন পুৰুষো অগ্নিদগ্ধ হয় এই ঘটনাত । ব্যক্তিগত ট্ৰেন্সফৰ্মাৰটো কিয় বিস্ফোৰণ ঘটিল বৰ্তমানলৈ কোনো তথ্য পোহৰলৈ অহা নাই যদিও সমগ্ৰ ঘটনাৰ এক উচিত তদন্তৰ দাবী কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে । অগ্নিদগ্ধ পৰিয়ালকেইটাক ক্ষতিপূৰণ দিবলৈ আহ্বান জনাই সচেতন ৰাইজে । এই ঘটনাই সমগ্ৰ বিৰুবাৰী অঞ্চলত একপ্ৰকাৰৰ উত্তেজনাৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক:তিনি ধৰি বিদ্যুৎ যোগান ব্যাহত হোৱাৰ পিছতো উন্মুক্ত ট্ৰেন্সফৰ্মাৰে প্ৰাণ কাঢ়িলে পশুধনৰ - Cow Electrocuted To Death

বিদ্যুৎ সংযোগ বিচ্ছিন্ন ৰখাৰ বাবেই উত্তপ্ত পৰিস্থিতি

Last Updated : Jul 17, 2024, 10:11 PM IST

ABOUT THE AUTHOR

...view details