ডিব্ৰুগড় :নৱবৰ্ষ উদযাপনৰ সময়ত যাতে কোনো ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষী-প্ৰশাসন অধিক তৎপৰ হৈছে । এই সময়ছোৱাত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে যান-বাহন আইন উলংঘনকাৰী আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
মুখ্যমন্ত্ৰীয়েও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । কিন্তু তাৰ মাজতে ডিব্রুগড় চহৰৰ মাজমজিয়াত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা ।
৩১ ডিচেম্বৰৰ মাজনিশা যান-বাহন আৰক্ষীৰ অভিযানৰ মাজতে ডিব্ৰুগড়ৰ আমোলাপট্টি-লালুকা সংযোগী ডি টি পি ড্ৰেইনৰ ওপৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন মটৰ চাইকেল আৰু বিলাসী বাহনৰ মুখামুখি সংঘর্ষত থিতাতে নিহত হয় এজন লোক । দুৰ্ঘটনাটোত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় । আহতসকলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । ইফালে দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহনখনৰ ভিতৰত সুৰাৰ বটল উদ্ধাৰ হৈছে । অত্যধিক সুৰা সেৱন কৰি বাহন চলোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে । জানিব পৰা মতে বাহনখনৰ চালকক আৰক্ষীয়ে আটক কৰিছে ।