গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী :নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে । বৃহস্পতিবাৰে গুৱাহাটীত আছু আৰু ৩০টা জনজাতীয় সংগঠনৰ বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি ৩০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰে ৷
‘কা’ৰ বিৰোধিতাৰে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে । সেই অনুসৰি ৪ মাৰ্চত ৰাজ্যজুৰি ‘কা’ৰ বিৰোধিতাৰে বাইক ৰেলী কৰা হ’ব । প্ৰতিখন জিলাতে এই বাইক ৰেলী কৰা হ’ব । সেইদৰে ‘কা’ৰ নিয়মাৱলী বলৱৎ কৰাৰ দিনাই নিয়মাৱলীৰ প্ৰতিলিপি দাহ কৰা হ’ব । আনহাতে ‘কা’ৰ নিয়মাৱলী বলৱৎ কৰাৰ পিছদিনা জিলা সদৰত জোঁৰ সমদল উলিওৱা হ’ব ।
৮ মাৰ্চত প্ৰধানমন্ত্ৰী অসমত প্ৰৱেশ কৰাৰ পৰিপ্ৰেক্ষিতত ‘কা’ বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত আঞ্চলিকে আঞ্চলিকে বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্বহীদ স্মৰণ কৰা হ’ব । তদুপৰি ৯ মাৰ্চৰ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব । আনহাতে ৰাজ্যজুৰি প্ৰতিখন জিলা সদৰত সত্যাগ্ৰহ কৰা হ’ব । পৰৱৰ্তী সময়ত এই কাৰ্যসূচীৰ সময়সূচী ঘোষণা কৰিব আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে ।