গুৱাহাটী: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ২০২৫ বৰ্ষটো ভাল হ'ব । মকৰ ৰাশিৰ বৰ্তমান সময়ত শনিৰ চাৰেছাতি চলি আছে । এই ৰাশিৰ জাতক-জাতিকাসকলৰ চাৰেছাতি মাৰ্চ মাহত শেষ হ'ব । কুম্ভ ৰাশিৰ পৰা যেতিয়া ছবি মীন ৰাশিত সোমাব তেতিয়া মকৰ ৰাশিৰ জাকত-জাতিকা বা ব্যক্তিসকলৰ ওপৰত অন্তিম চাৰেছাতিৰ যিটো প্ৰভাৱ সেয়া নাইকিয়া হ'ব । সেয়ে এই সময়ছোৱাত এই ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱনৰ পৰা বহুখিনি বাধা আঁতৰিব । বহুত দিন ধৰি নোহোৱা কাম, বেমাৰ-আজাৰ অথবা পঢ়া-শুনাত বাধা পাই আছে, এনে বিভিন্ন ক্ষেত্ৰত যিবোৰ শনিৰ চাৰেছাতিৰ প্ৰভাৱত পৰা বাধা আছে সেই বহুখিনি বাধা নাইকিয়া হ'ব বা সেইসমূহ আঁতৰিব ।
- ২০২৫ বৰ্ষ মকৰ ৰাশিৰ বাবে কেনে হ'ব ?
লগতে বৃহস্পতিৰ সঞ্চাৰ ঘটিব যাৰ ফলত শত্ৰু জয় হ'ব । অৰ্থাৎ শত্ৰুৰ ওপৰত বিজয়প্ৰাপ্ত হ'ব আৰু বেমাৰ-আজাৰো দূৰ হ'ব । বল, বুদ্ধি, পৰাক্ৰম বৃদ্ধি হ'ব । বিদ্যাৰ ক্ষেত্ৰতো এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ভাল । তেওঁলোকৰ বিদ্যা বৃদ্ধি হ'ব । যিসকলে ভিন্ন কাৰণত পঢ়া-শুনাত মনোযোগ দিব পৰা নাই তেওঁলোকৰ মনোযোগ বৃদ্ধি হ'ব । পৈত্তিকসূত্ৰে থকা বিবাদসমূহ যেনে মাটি-সম্পত্তিৰ বিবাদ আদিৰ পৰা এই বছৰ মুক্তি লাভ কৰিব পাৰিব ।