নগাঁও, 13 মাৰ্চ : নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰাক্তন কংগ্ৰেছী সুৰেশ বৰা । ইফালে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিছে বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । দলীয় প্ৰাৰ্থিত্ব লাভ কৰিয়েই নগাঁৱত উপস্থিত হৈ প্ৰাক্তন কংগ্ৰেছী তথা বিজেপি নেতা সুৰেশ বৰাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে । সুৰেশ বৰা প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিদ্বন্দ্বী হোৱাটো ৰাজনৈতিক বিড়ম্বনা বুলি উল্লেখ কৰি নিজৰ লগতে সুৰেশ বৰাৰো অতীতৰ কথা উল্লেখ কৰে প্ৰদ্যুৎ বৰদলৈয়ে । সুৰেশ বৰাই অস্ত্ৰৰ ঝনঝননিৰ শিক্ষা গ্ৰহণ কৰি অহা বুলি প্ৰথমবাৰৰ বাবে সুৰেশ বৰাক আক্ৰমণৰ লক্ষ্য কৰি ললে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ।
বিজেপি আৰু এ আই ইউ ডি এফকো তীব্ৰ সমালোচনা কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ তেওঁ কয় যে, এ আই ইউ ডি এফ যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়া জয়লাভ কৰাটো তেওঁলোকৰ বাবে গৌণ ৷ তেওঁলোকে জানে যে তেওঁলোক নিজিকে ৷ কোনোবা কেনেবাকৈ জিকিলে তেওঁলোক বিধানসভা বা সংসদলৈ যায় ৷ কিন্তু তেওঁলোকে দিল্লীয়ে হওক বা অসমৰ মজিয়াতে হওক নিজাববীয়াকৈ কেতিয়াও চৰকাৰ কৰিব নোৱাৰে ৷ সেয়া অসম্ভৱ কথা বুলি কয় প্ৰদ্যুৎ বৰদলৈয়ে ৷
ইফালে এ আই ইউ ডি এফ দলে বিজেপি দলৰ শ্ৰুতলিপি লৈ নিৰ্বাচনত অৱতীৰ্ণ হয় বুলি উল্লেখ কৰে কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে ৷ তেওঁ কয় যে, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ শ্ৰুতলিপি মতে এ আই ইউ ডি এফ নিৰ্বাচনত অৱতীৰ্ণ হয়, সেই কথা সকলোৱে জানে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে এ আই ইউ ডি এফ দল উঠা-বহা কৰে বুলি ইতিমধ্যে তেওঁ নিজেই কৈ থৈছে বুলি কয় প্ৰদ্যুৎ বৰদলৈয়ে ৷ গতিকে এ আই ইউ ডি এফ দলে যদি নগাঁৱত প্ৰাৰ্থী দিয়ে তেন্তে সেয়া তেওঁলোক জিকিবৰ বাবে নহয়, কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক পৰাজিত কৰিবলৈহে তেওঁলোকে প্ৰাৰ্থী দিব সেই কথা জলজল পটপটকৈ ওলাই আছে বুলি মন্তব্য কৰে তেওঁ ৷