শিলচৰ, 5 জুন : প্ৰত্যাশিতভাৱেই লোকসভা নিৰ্বাচনত অসমত ভাল ফলাফল বিজেপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ ৷ ৰাজ্যৰ মুঠ 14 খন আসনৰ 11খনতেই মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈ এইবাৰ যাবলৈ ওলাইছে দিল্লীলৈ ৷ তাৰ মাজত আছে কেবাজনো হেভীৱেট নেতা ৷ আছে শাসকীয় দলৰ মন্ত্ৰীও ৷
বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীত্ব এৰি এতিয়া দিল্লীৰ সংসদত বহিবগৈ পৰিমল শুক্লবৈদ্য ৷ শিলচৰ লোকসভা আসনত শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী তথা অসম চৰকাৰৰ পৰিবহন, আবকাৰী তথা মীন পালন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মঙলবাৰৰ দিনটোত অনুষ্ঠিত হোৱা ভোটগণনাৰ অন্তত ধলাইৰ বিজেপি বিধায়ক শুক্লবৈদ্যই নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰক পৰাস্ত কৰি এইবাৰ বহিব দিল্লীৰ মচনদত ৷
শিলচৰৰ চূড়ান্ত জনমত :
- বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই লাভ কৰিলে : 6,47,806 টা ভোট ৷
- কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰে লাভ কৰিলে: 3,86,348 টা ভোট ৷
- তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে লাভ কৰিলে :২০৩৮৪ টা ভোট ৷
ব্যৱধান:চূড়ান্ত ফলাফল অনুযায়ী শিলচৰ লোকসভা সমষ্টটিত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই মুঠ 2,61,458 টা ভোটৰ ব্যৱধানত জয় লাভ কৰিছে ।
শিলচৰ লোকসভা সমষ্টিৰ ৭ টা বিধানসভা সমষ্টিত কোনে কিমান ভোট লাভ কৰিলে:
শিলচৰ:
- পৰিমল শুক্লবৈদ্য, বিজেপি-১০৮৬২৬
- সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ- ৪৫২৪৮০
- ৰাধেশ্যাম বিশ্বাস, টিএমচি- ৪৫৪০