অসম

assam

ETV Bharat / politics

পৰিস্থিতিৰ দাবীত 12 এপ্ৰিলত ইউ পি পি এললৈ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম - Chandan Brahma UPPL join - CHANDAN BRAHMA UPPL JOIN

Chandan Brahma UPPL join: 12 এপ্ৰিলত ইউ পি পি এলত যোগদান কৰিব প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ এই কথা চিৰাঙৰ চাপাগুৰিত সংবাদমেলযোগে ঘোষণা কৰে বিপিএফৰ জেষ্ঠ নেতাগৰাকীয়ে ৷

Former minister Chandan Brahma set to join UPPL
পৰিস্থিতিৰ দাবীত 12 এপ্ৰিলত ইউ পি পি এললৈ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 2:14 PM IST

পৰিস্থিতিৰ দাবীত 12 এপ্ৰিলত ইউ পি পি এললৈ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম

চিৰাং, 8 এপ্ৰিল:বিটিআৰ শীৰ্ষ প্ৰমোদ বড়ো নেতৃত্বাধীনইউনাইটেড পিপ'লছ পাৰ্টী লিবাৰেলত যোগদানকৰিব ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী, বিপিএফৰ প্ৰতিষ্ঠাপক নেতা চন্দন ব্ৰহ্মই ৷ সোমবাৰে এক সংবাদমেলযোগে এই ঘোষণা কৰে বিপিএফৰ প্ৰতিষ্ঠাপক নেতাগৰাকীয়ে ৷

সোমবাৰে চিৰাঙৰ চাপাগুৰিস্থিত চিগনেট পাৰ্ক হোটেলত আয়োজিত এক সংবাদমেলত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলত যোগদান কৰিব বুলি উল্লেখ কৰে ৷ লগতে অহা 12 এপ্ৰিলত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত তেওঁ সদৰী কৰে ৷

পৰিস্থিতিৰ দাবীত 12 এপ্ৰিলত ইউ পি পি এললৈ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম

দীৰ্ঘদিন ধৰি বিপিএফৰ কেন্দ্ৰীয় উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা চন্দন ব্ৰহ্মই 12 এপ্ৰিলৰ আবেলি চাৰি বজাত চিৰাঙৰ সদৰ কাজলগাঁৱত দলটোৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব বুলি প্ৰকাশ কৰাৰ লগতে তেওঁৰ লগত আন কেবাটাও দল-সংগঠনৰ লোকে ইউ পি পি এল দলত যোগদান কৰিব বুলি জানিবলৈ দিয়ে ৷

এই যোগদান সম্পৰ্কত ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয়, "ইউ পি পি এল দলত যোগদান কৰা বিষয়টো সময়ৰ দাবী, পৰিস্থিতিৰ দাবী ৷ আক্ষেপ, কাৰোবাক ভালপোৱা, বেয়া পোৱা নহয় ৷" বিটিআৰত স্থায়ী শান্তি স্থাপন, উন্নয়ন আৰু প্ৰগতিৰ হকে কাম কৰাৰ বাবে চন্দন ব্ৰহ্মই এই সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত দুবাৰকৈ মন্ত্ৰীত্ব পদ লাভ কৰিছিল চন্দন ব্ৰহ্মই ৷ আনহাতে, দেওবাৰে চিৰাঙৰ ছাপাগুৰিত বিটিআৰৰ সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ এখন সভাত অংশগ্ৰহণ কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োই বিপিএফৰ জেষ্ঠ নেতা চন্দন ব্ৰহ্মই শীঘ্ৰে ইউপিপিএলত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল ৷

লগতে পঢ়ক:লোকসভা নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ আহ্বান বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ - CCBTR MEETING WITH Pramod Boro

ABOUT THE AUTHOR

...view details