অসম

assam

ETV Bharat / politics

নগাঁৱত চলিছে নেকি প্ৰদ্যুৎ বৰদলৈক একাষৰীয়া কৰাৰ ষড়যন্ত্ৰ ?

Nagaon Lok Sabha Constituency: লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হ’ল । প্ৰাৰ্থীও চূড়ান্ত হ’ল ৰাজনৈতিক দলসমূহৰ । পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ। প্ৰাৰ্থীও নামি পৰিছে প্ৰচাৰ অভিযানত । কিন্তু ইয়াৰ মাজতে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ আৰম্ভ হৈছে ন ন চর্চা। বিশেষকৈ ৰকিবুল হুছেইন, গৌৰৱ গগৈৰ বিপৰীতে প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিচতেই উত্থাপন হৈছে বহু প্ৰশ্ন ।

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 10:34 PM IST

Congress candidate Pradyut Bordoloi
কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ

নগাঁও, ১৮ মাৰ্চ : আগন্তক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগেই অধিক তৎপৰ হৈ পৰিছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ নেতা-কৰ্মী । শাসক-বিৰোধী দলত আৰম্ভ হয় অন্তঃকন্দল । নগাঁও লোকসভা সমষ্টিতো নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰাৰ্থি চূড়ান্ত হোৱাৰ পূৰ্বৰ পৰাই কংগ্ৰেছৰ মাজত সৃষ্টি হৈছিল অন্তঃকন্দল । নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰি সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিছিল প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ লগতে গৌৰৱ গগৈয়ে । কিন্তু দলৰ হাইকমাণ্ডে প্ৰদ্যুৎ বৰদলৈকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিচত দলৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তত যেন সন্তুষ্ট নহয় নগাঁও কংগ্ৰেছৰ এটা মহল । যাৰ বাবে হয়তো বিভিন্ন মহলত উত্থাপন হৈছে এটা প্ৰশ্নৰ । নগাঁৱত প্ৰদ্যুৎ বৰদলৈক একাষৰীয়া কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে নেকি কংগ্ৰেছৰ নিৰ্দষ্ট এটা মহলে ?

এই প্ৰশ্ন উত্থাপন হোৱাৰ কাৰণ কি ? প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব চূড়ান্ত হোৱাৰ পিচতেই পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ তথা বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ অধীনৰ ৰূপহীহাট, ধিং, চামগুৰি আদি সমষ্টিত দলীয় কৰ্মীৰ সৈতে সাক্ষাৎ কৰি সমষ্টি কেইটাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লৈছে গৌৰৱ গগৈয়ে । কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ এদিন পিচতেই দলীয় কৰ্মীক সাক্ষাৎ কৰি আৱেগিক হৈ বিদায় ঠিকেই ল'লে, কিন্তু বিদায় লোৱাৰ সময়ত নিজৰ কৰ্মী সমৰ্থকক সাক্ষাৎ কৰাবলৈ নগাঁৱৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক লগত আমন্ত্ৰণ জনোৱা নাছিল বুলি এক সূত্ৰই উল্লেখ কৰিছে ।

নগাঁৱৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে নতুনকৈ লাভ কৰা সমষ্টি কেইটাৰ নেতা কৰ্মীয়েও তেওঁক বিশেষ কোনো আদৰণি অথৱা উৎসুকতা পৰিলক্ষিত হোৱা নাই । কেৱল এয়াই নহয়, নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰি ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰা ৰকিবুল হুছেইনেও দেওবাৰে নগাঁৱত উপস্থিত হৈ সমষ্টিৰ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰে । কিন্তু সমষ্টিত উপস্থিত হৈ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰাৰ সময়ত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক লগত লৈ যোৱা নাছিল ৰকিবুল হুছেইনে । আনকি দেওবাৰে সন্ধিয়া নগাঁৱৰ নিজ বাসগৃহত দলীয় নেতা কৰ্মীক লগত লৈ ইফটাৰ পাৰ্টীৰ আয়োজন কৰে ৰকিবুল হুছেইনে । য'ত উপস্থিত থাকে ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, এ আই চি চিৰ সম্পাদক পৃথ্বীৰাজ সাথেৰ লগতে কেইবাগৰাকী দলীয় নেতা । কিন্তু ইফটাৰ পাৰ্টীত প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতি নাছিল ।

অৱশ্যে এই সন্দৰ্ভত দেওবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ সন্মুখত ৰকিবুল হুছেইনে কৰিছিল মন্তব্য । দেওবাৰে পুৱাই এঘণ্টা সময় প্ৰদ্যুৎ বৰদলৈৰ সৈতে আলোচনা হোৱাৰ কথা উল্লেখ কৰি মৈৰাবাৰীত ইফটাৰ পাৰ্টী থকা বাবেই প্ৰদ্যুৎ বৰদলৈ নগাঁৱৰ ৰকিবুল হুছেইনৰ ইফটাৰ পাৰ্টীত উপস্থিত থাকিব নোৱৰা বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে । প্ৰকৃত সত্য যিয়েই নহওঁক প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত বিৰোধিতা কৰা ৰকিবুল হুছেইনে বিচৰা নাই নেকি প্ৰদ্যুৎ বৰদলৈৰ বিজয় ? এনে প্ৰশ্ন এতিয়া চর্চা চলিছে নগাঁৱৰ ৰাজনৈতিক মহলত ।

লগতে পঢ়ক:অস্ত্ৰৰ ঝনঝননিৰ শিক্ষা লৈ আহিছে সুৰেশ বৰাই : প্ৰাৰ্থিত্ব লাভৰ পিচত প্ৰদ্যুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details