চামগুৰি, 11 মে’ :তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত ধুবুৰীৰ পৰা প্ৰত্যাৱৰ্তন কৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে । চামগুৰিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত হুছেইনক উষ্ম আদৰণি জনায় শতাধিক নেতা-কৰ্মীয়ে ।
চামগুৰিত কংগ্ৰেছ কৰ্মীসকলৰ কাষত উপস্থিত হৈ জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, "ইয়াৰ আগতে ধুবুৰীবাসী ৰাইজক বহু কন্দুৱাইছিলটো ৷ জোনে যেনেকৈ কৰিব তেনেকৈ ফল পাব ৷ গতিকে ৰাইজক কন্দুৱাসকলে এদিন নিজেও কান্দিবলগীয়া হয় । কিছুমান নেতা ৰৈ আছে সময়ৰ অপেক্ষাত । হিমন্তৰ বিৰুদ্ধে বিজেপিৰ মানুহেই গুজৰি-গুমৰি আছে ৷ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবেই কংগ্ৰেছৰ এক লাখতকৈও অধিক ভোট বাঢ়িল । হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আঁতৰালেহে 2026 ত বিজেপিৰ যুঁজিব পৰা শক্তি থাকিব ৷"
আনহাতে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বী বদৰুদ্দিন আজমল সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হুছেইনে ৷ নিৰ্বাচনৰ পূৰ্বে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে ৰকিবুল হুছেইন তথা বিৰোধী দলক লক্ষ্য কৰি প্ৰকাশ কৰা মন্তব্যই আজমলৰহে চৰিত্ৰটো উদঙাই দেখুৱাইছে বুলি কয় ৷