নেশ্যনেল ডেস্ক, ২ ফেব্ৰুৱাৰী :ঝাৰখণ্ডৰ ৰাজনৈতিক নাটৰ অন্ত পেলাই অৱশেষত মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে চম্পাই ছোৰেনে । ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণৰ দ্বাৰা জেএমএম বিধায়িনী দলৰ নেতা হিচাপে মনোনীত হোৱাৰ এদিন পিচতে শুকুৰবাৰে ছোৰেনে শপত গ্ৰহণ কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক গ্ৰেপ্তাৰৰ পিচতে ৰাজ্যখনত ৰাজনৈতিক অস্থিৰতাই দেখা দিছিল ।
অৱশ্যে চম্পাই ছোৰেনৰ শপত গ্ৰহণে এই অস্থিৰতাৰ অৱসান ঘটাৰ ইংগিত দিছে । মুখ্যমন্ত্ৰী হিচাপে চম্পাই ছোৰেনৰ শপত গ্ৰহণৰ পিচতে জেএমএমৰ সাংসদ মহুয়া মাজিয়ে কয় যে এয়া দলটোৰ বাবে এক বৃহৎ জয় । কিয়নো বিজেপিয়ে ৰাষ্ট্ৰপতি শাসন জাপি দিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত আছিল কিন্তু বিজেপিৰ সেই ষড়যন্ত্ৰ বিফল হ'ল ।
তেওঁৰ মতে আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন সোনকালেই ঘূৰি আহিব । নেতাগৰাকীৰ মতে সোমবাৰে সংসদৰ মজিয়াত চম্পাই ছোৰেনে সংখ্যাগৰিষ্ঠতা প্ৰমাণ দিব লাগিব । শপত গ্ৰহণৰ পূৰ্বে শিবু ছোৰেনক সাক্ষাতৰ পিচত চম্পাই ছোৰেনে কয় যে শপত লোৱাৰ পূৰ্বে তেওঁ গুৰুজী আৰু মাতাজী ৰূপী ছোৰেনৰ আশীৰ্বাদ ল'বলৈ তাত উপস্থিত হৈছিল ।