অসম

assam

ETV Bharat / politics

নগাঁৱত গৌৰৱ ! ধুবুৰীত ৰকিবুল ! খালেক-প্ৰদ্যুতৰ কি হ’ব ? - কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী

Lok Sabha election 2024 : মহাৰণ হ’ব নেকি কংগ্ৰেছত ? কংগ্ৰেছৰ অসমৰ প্ৰার্থী তালিকা প্ৰেৰণ কংগ্ৰেছৰ নিৰ্বাচনী সমিতিলৈ ৷ ৰণত পৰিব নেকি প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক ?

Lok Sabha election 2024
লোকসভা নিৰ্বাচনত কোন কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী ?

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 1:26 PM IST

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী :সমাগত লোকসভা নিৰ্বাচনত কোন কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী ? চৰ্চাৰ শীৰ্ষত আছে এই প্ৰসংগ ৷ বিশেষকৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ প্ৰাৰ্থিত্বক লৈ ব্যাপক চৰ্চা হৈছে শাসক বিৰোধী দুয়োপক্ষৰ মাজতে । চৰ্চালৈ আহিছে দলটোৰো সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকৰ ৰাজনৈতিক ভৱিষ্যতকলৈ । তাৰ মাজতে অসমৰ ১৪ টা লোকসভা সমষ্টিৰ প্ৰার্থীৰ তালিকা প্ৰদেশ কংগ্ৰছে প্ৰেৰণ কৰিছে কংগ্ৰেছ নিৰ্বাচনী সমিতি (CIC) লৈ ।

লোকসভা নিৰ্বাচনত কোন কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী

অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ দ্বাৰা গঠন কৰা বাচনি কমিটীয়ে প্ৰতিবেদন দাখিল কৰাৰ পাচত এই তালিকা দেওবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতিলৈ প্ৰেৰণ কৰা হয় । কংগ্ৰেছৰ তৰফৰ পৰা এই প্ৰাৰ্থী তালিকা এই পৰ্যন্ত ৰাজহুৱা কৰা হোৱা নাই ৷ প্ৰদেশ কংগ্ৰেছৰ এক নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি, ৰাজ্যিক বাচনি কমিটিৰ ফালৰ পৰা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা তালিকাত কোন কোন আছে তাৰ উমান পোৱা গৈছে ৷

সেই অনুসৰি নগাঁও লোকসভা সমষ্টিত সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈৰ নাম প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে । একেদৰে গুৱাহাটীত মীৰা বৰঠাকুৰ, দ্বিজেন শর্মা, বৰাক উপত্যকাৰ শিলচৰত নৈঋতা জয়শুক্লা আৰু সৌম্যকান্তি পুৰকায়স্থৰ নাম কংগ্ৰেছৰ প্ৰাৰ্থীক তালিকাত সন্নিৱিষ্ট হৈছে ।

মহাৰণ হ’ব নেকি কংগ্ৰেছত ?

লগতে পঢ়ক :শোণিতপুৰৰ পৰা দিল্লীলৈ যাব কোন ? শাসক-বিৰোধীৰ যুদ্ধকালীন তৎপৰতা

একেদৰে কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰার্থী তালিকাত পূৰ্বৰ চৰ্চা অনুসৰিয়েই আছে হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু জুবেইৰ আলম । আনহাতে বৰপেটা সমষ্টিৰ পৰা বিদায় মাগিবলগীয়া হৈছে বৰ্তমানৰ সাংসদ আব্দুল খালেকে ৷ বৰপেটা লোকসভা সমষ্টিৰ তালিকাত আছে দীপ বায়ন, ববিতা শৰ্মাৰ নাম ।

মনকৰিবলগীয়া যে, ডিব্ৰুগড় লোকসভা সমষ্টিটো কংগ্ৰেছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক প্ৰক্ষেপ কৰিবলৈ প্ৰায় সাজু হৈছে ৷ ইতিমধ্যেই সন্মত হৈছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বও ৷ আম আদমী পাৰ্টীয়ে অসমত নিজাববীয়াকৈ ৩ জন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পিচত নতুন দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতেও বৈঠকত মিলিত হয় লুৰিণজ্যোতি গগৈ ৷

লগতে পঢ়ক :লুৰীণজ্যোতি গগৈ হ’ব ডিব্ৰুগড়ত বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী !

কেৱল আনুষ্ঠানিক নিয়ম মাফিকভাৱে প্ৰস্তুত কৰা ডিব্ৰুগড় সমষ্টিৰ প্ৰার্থী তালিকাত নীলনেত্ৰ নেওগ, ৰাজু চাহু আৰু দুর্গা ভূমিজৰ নাম সন্নৱিষ্ট হৈছে । নতুনকৈ গঠিত কাজিৰঙা সমষ্টিৰ তালিকাত আছে ৰ'জলীনা তিকী, গোলাপ শইকীয়াৰ নাম ।

গুৰুত্বপূৰ্ণ হৈ পৰিছে যোৰহাট লোকসভা সমষ্টি ৷ যোৰহাটৰ বাবে প্ৰেৰণ কৰা হৈছে দুজনীয়া প্ৰার্থী তালিকা । সমষ্টিটোত এই দুজনীয়া তালিকাত নাম আছে বৰ্তমানৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নামো ৷ বিজেপিৰ ৰণনীতিৰ ওপৰত নিৰ্ভৰ কৰি যোৰহাটত প্ৰাৰ্থী চূড়ান্তো কৰিব কংগ্ৰেছে ৷

নৱগঠিত শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে আছে তিনিজনকৈ প্ৰাৰ্থীৰ নাম ৷ তেওঁলোক হ’ল - বর্ণালী ফুকন, আৰ পি শর্মা আৰু প্ৰেমলাল গুঞ্জুৰ । একেদৰেই নতুনকৈ গঠিত দৰং-ওদালগুৰি সমষ্টিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ বাচনি কমিতিয়ে মাধৱ ৰাজবংশী, বসন্ত দাস আৰু প্ৰবীণ বড়োৰ নাম প্ৰেৰণ কৰিছে ।

ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা তালিকাখনত লখিমপুৰ সমষ্টিৰ প্ৰার্থী হিচাবে আছে ৰাণী নৰহ আৰু উদয়শংকৰ হাজৰিকাৰ নাম । বিজেপিৰ বহু পুৰণি নেতা জয়শংকৰ হাজৰিকাই শেহতীয়াভাৱে যোগদান কৰিছিল কংগ্ৰেছ দলত । সকলো ঠিকে থাকিলে জয়শংকৰ হাজৰিকাকে টিকট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লগতে পঢ়ক :বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা লুৰীণজ্যোতি গগৈৰ

ডিফু লোকসভা সমষ্টিৰ বাবেও তালিকাত জয়ৰাম ইংলেং, চুম' বংহাং আৰু ক্লেন্দং ইংতিৰ নাম সন্নিৱিষ্ট কৰা হৈছে । আন এক গুৰুত্বপূৰ্ণ সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে তালিকাত নাম আছে গর্জন মুছাহাৰী, প্ৰাণজিৎ বসুমতাৰী আৰু প্ৰবীণ বড়ো - এই তিনিগৰাকীৰ নাম । বৰ্তমান বদৰুদ্দিন আজমল সাংসদ ৰূপে থকা ধুবুৰী লোকসভাৰ প্ৰাৰ্থীৰ তালিকাত আছে বৰপেটাৰ বৰ্তমানৰ সাংসদ আব্দুল খালেক, আব্দুল হামিদ আৰু চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ নাম ৷

মহাৰণ হ’ব নেকি কংগ্ৰেছত ?

এই তালিকাৰ বিপৰীতে কংগ্ৰেছৰ ভিতৰুৱা তথ্যমতে নগাঁও সমষ্টিত শেষত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়াৰ পক্ষত আছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব । যোৰহাট সমষ্টিতকৈ ভোটৰ গঠন সন্দৰ্ভত নগাঁও সমষ্টিত গৌৰৱ গগৈৰ জয়ৰ পথ বেছি সুচল হ’ব বুলি আশা কৰিছে কংগ্ৰেছ নেতৃত্বই ।

বিপৰীতে অসমত কংগ্ৰেছৰ বাকী সহযোগী দলসমূহে যোৰহাট সমষ্টিৰ পৰাই গৌৰৱ গগৈয়ে নিৰ্বাচন খেলাটো বিচাৰি আহিছে ৷ যদিহে নগাঁৱত গৌৰৱ গগৈক আৰু ধুবুৰীত ৰকিবুল হুচেইনক কংগ্ৰছে লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়ে তেন্তে কংগ্ৰেছে আভ্যন্তৰীণ কন্দলৰ সন্মুখীন হ’ব লাগিব যে সেয়া প্ৰায় নিশ্চিত ৷ কিয়নো গৌৰৱ গগৈয়ে নগাঁৱৰ পৰা নিৰ্বাচন খেলিলে বঞ্চিত হ’ব বৰ্তমানৰ নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ ৷

নগাঁৱৰ পৰিৱৰ্তে কোনো সমষ্টিতে নিৰ্বাচন খেলিবলৈ প্ৰস্তুত নহয় প্ৰদ্যুৎ বৰদলৈ ৷ আনহাতে ৰকিবুল হুচেইন ধুবুৰীত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হ’লে সংকটত পৰিব বৰপেটাৰ বৰ্তমানৰ সাংসদ আব্দুল খালেকৰ ৰাজনৈতিক কেৰিয়াৰ । সেয়ে স্বাভাৱিকতে এতিয়া প্ৰশ্ন হৈছে লোকসভাৰ প্ৰাৰ্থিত্বক লৈ মহাৰণ হ’ব নেকি কংগ্ৰেছত ?

লগতে পঢ়ক :হোটেল লিলিত কংগ্ৰেছৰ প্ৰাৰ্থী পেনেল প্ৰস্তুতিৰ বৈঠক

ABOUT THE AUTHOR

...view details