অসম

assam

ETV Bharat / politics

বিধায়ক বা সাংসদ হোৱাৰ সপোন পূৰাবলৈ গৈ সৰ্বস্বান্ত হোৱা মানুহ আপুনি লগ পাইছেনে ! - Babasaheb Shinde story - BABASAHEB SHINDE STORY

Babasaheb Shinde story: মহাৰাষ্ট্ৰৰ বাবাচাহেব সিন্দে নামৰ লোকজনে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত ১৪ বাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ৯ বাৰ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । নিৰ্বাচনৰ ব্যয় বহন কৰিবলৈ তেওঁ ৫০ একৰ ভূমি বিক্ৰী কৰিছে ।

Babasaheb Shinde
বিধায়ক বা সাংসদ হোৱাৰ সপোন ৫০ একৰ ভূমি বিক্ৰী বাবাচাহেব সিন্দেৰ

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 2:14 PM IST

নেশ্যনেল ডেস্ক,২১ মাৰ্চ :সম্প্ৰতি দেশত নিৰ্বাচনৰ বতাহ বলিছে । লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে চাৰিওফালে নিৰ্বাচনকেন্দ্ৰিক আলোচনা দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে চৰ্চাত মহাৰাষ্ট্ৰৰ জালনা জিলাৰ এজন লোক । বিধায়ক বা সাংসদ হোৱাৰ বাবে লোকজনে ইতিমধ্যে বিক্ৰী কৰিছে ৫০ একৰ ভূমি । লোকজন হৈছে বাবাচাহেব সিন্দে ।

জালনা জিলাৰ বাপকালৰ বাসিন্দা সিন্দেয়ে গণতান্ত্ৰিক মাধ্যমেৰে বিধায়ক আৰু সাংসদ হ'ব বিচাৰিছিল । তেওঁ ১৯৮০ চনৰ মহাৰাষ্ট্ৰৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বদনাপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু তেওঁ নিৰ্বাচনত পৰাজিত হৈছিল ।

অৱশ্যে, ৭২ বছৰীয়া বাবাচাহেব সিন্দে তাতে থমকি নাথাকিল । গণতন্ত্ৰৰ ওপৰত তেওঁৰ বিশ্বাস বাঢ়ি গৈ থাকিল । এতিয়ালৈকে তেওঁ ১৪ টা বিধানসভা নিৰ্বাচন আৰু ৯ টা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । এই প্ৰতিটো নিৰ্বাচনতে তেওঁৰ জমা ধন খৰচ হৈ গৈছে । অৱশ্যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁ পুনৰ এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে । তেওঁ নতুন শক্তি আৰু উদ্যমেৰে লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছে । তেওঁ পুনৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সাজু হৈছে ।

ইটিভি ভাৰতৰ সন্মুখত বাবাচাহেব সিন্দেয়ে কয় যে তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল গণতন্ত্ৰৰ দ্বাৰা লাভ কৰা অধিকাৰ প্ৰতিটো স্তৰত নাগৰিকসকলৰ ওচৰলৈ লৈ যোৱা । নাগৰিকসকলৰ সেৱা কৰাৰ সুযোগ পাবলৈ ৰাজনীতিত প্ৰৱেশ কৰিছে বুলিও তেওঁ উল্লেখ কৰে । সিন্দেৰ মতে তেওঁ এতিয়ালৈকে ৯ বাৰ লোকসভা নিৰ্বাচন আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ১৪ বাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ।

তেওঁ উল্লেখ কৰা মতে ১৯৭৮ চনত তেওঁ এটা নিৰ্দিষ্ট দলৰ পৰা এক প্ৰস্তাৱ লাভ কৰিছিল কিন্তু তেওঁ তেতিয়া তাক প্ৰত্যাখ্যান কৰিছিল । তেওঁৰ ওচৰত ৫০ একৰ ভূমি আছিল । কিন্তু বিধায়ক বা সাংসদ হোৱাৰ সপোন পূৰণ কৰিবলৈ তেওঁ সমস্ত ভূমি বিক্ৰী কৰিছে । এতিয়ালৈ তেওঁৰ সপোন পূৰণ হোৱা নাই যদিও ৫০ একৰ ভূমি তেওঁৰ হাতৰ পৰা গৈছে ।

তেওঁ লগতে কয় যে তেওঁৰ আত্মীয় আৰু চুবুৰীয়াসকলেও তেওঁক এৰি গৈছে । এতিয়া তেওঁ ভূমিহীন যদিও ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে । তেওঁৰ ইস্তাহাৰ সন্দৰ্ভত সিন্দেয়ে কয় যে দেশৰ অন্তিম ব্যক্তিজনে কেনেকৈ ন্যায় পায় আৰু মানুহে সংবিধানত দিয়া অধিকাৰসমূহ কেনেকৈ লাভ কৰিব পাৰে সেয়াই তেওঁৰ উদ্দেশ্য ।

সিন্দেয়ে কয় যে স্বাধীনতাৰ পিচত কোনেও তেওঁলোকৰ অন্তিম অধিকাৰ লাভ কৰা নাই । কেন্দ্ৰীয় চৰকাৰে এটা কাম দেখুৱাই আৰু আন এটা কৰে । তেওঁৰ মতে চৰকাৰে কেৱল ভুৱা প্ৰতিশ্ৰুতি দি আছে আৰু নাগৰিকসকল নিমাত হৈ আছে । আনহাতে এফালে কেন্দ্ৰই চন্দ্ৰলৈ মহাকাশযান প্ৰেৰণ কৰি আছে, আনহাতে, মানুহে ভোকাতুৰ পেটেৰে নিশা কটাইছে । এয়া এৰ ট্ৰেজেডী বুলি সিন্দেয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :জয়পুৰত মুছলমান শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাইছে গুলাল গ’টাই - TRADITIONAL GULAL GOTA PREPARATIONS

ABOUT THE AUTHOR

...view details