এখনি সুন্দৰ ছালৰ গৰাকী হ’বলৈ বিশেষকৈ তাৰকাৰ দৰে সুন্দৰ ছাল কোনেনো নিবিচাৰে কিন্তু তাৰ বাবে আজিকালি বহুলোকে কি কি যে নকৰে দামী ক্ৰীম, মইশ্বৰাইজাৰৰ পৰা আদি কৰি বিভিন্ন ছালৰ সৈতে জড়িত ট্ৰিটমেন্ট গ্ৰহণ কৰে ৷ বলীউডৰ তাৰকাৰ সৌন্দৰ্যৰ কথা আহিলে শ্ৰদ্ধা কাপুৰৰ নামটো প্ৰায়েই চৰ্চাত থাকে ৷
শ্ৰদ্ধা কাপুৰৰ প্ৰতি মানুহৰ উন্মাদনা কাৰো পৰা লুকাই থকা নাই ৷ ইনষ্টাগ্ৰামত তেওঁৰ ৯৪ মিলিয়নতকৈ অধিক ফ’ল’ৱাৰ আছে ৷ বহু মহিলা এনেও আছে যিসকলে তেওঁৰ দৰে সৌন্দৰ্য অৰ্জন কৰিব বিচাৰে, কিন্তু ছালখনক কম বয়সীয়া কৰি ৰখাৰ সঠিক উপায় নাজানে ৷ শেহতীয়াকৈ বলীউডৰ স্ত্ৰী হিচাপে বিখ্যাত শ্ৰদ্ধা কাপুৰে এক সাক্ষাৎকাৰত তেওঁৰ সুন্দৰ ছালৰ ৰহস্য সকলোৰে সৈতে শ্বেয়াৰ কৰে
বয়সৰ কোনো চাপ নপৰা শ্ৰদ্ধা কাপুৰৰ ছালৰ ৰহস্য
শ্ৰদ্ধা কাপুৰে কয় যে, তেওঁ যিমান পাৰে পানী খাবলৈ চেষ্টা কৰে, কাৰণ এইটো এটা মৌলিক কথা, ই ছালখনক হাইড্ৰেটেড কৰি ৰাখে ৷ ইয়াৰ বাহিৰেও ‘ষ্ট্ৰী’ ছবিৰ অভিনেত্ৰীগৰাকীয়ে প্ৰচুৰ পৰিমানে শোৱে যাতে পুৱা সাৰ পোৱাৰ পিচত তেওঁ সতেজ অনুভৱ কৰিব পাৰে ৷
পানী আৰু টোপনি কিয় ইমান জৰুৰী
ভাৰতত পানী প্ৰায় বিনামূলীয়া আৰু আনকি টোপনিৰ বাবেও টকা খৰচ নহয়, গতিকে আপুনি দুয়োটা টিপছ মানি চলিব পাৰে যাতে আপোনাৰ ছালখন সুস্থ হৈ থাকে ৷ দৈনিক ৭ৰ পৰা ৮ গিলাচ পানী খাবলৈ চেষ্টা কৰক আৰু কমেও ৭ ঘণ্টা নিদ্ৰা গ্ৰহণ কৰিবলৈ চেষ্টা কৰক ৷
১/ ছালখনক হাইড্ৰেটেড কৰি ৰাখে
পানীয়ে আমাৰ ছালখন আৰ্দ্ৰ কৰি তোলে, ইয়াক কোমল আৰু উজ্বল কৰি ৰাখে ৷ যেতিয়া আমাৰ ছালত পৰ্যাপ্ত আৰ্দ্ৰতা থাকে তেতিয়া ইয়াক সুস্থ আৰু ডেকা দেখা যায় ৷
২/ ছাল পৰিষ্কাৰ কৰে
পানীয়ে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে লগতে আমাৰ ছালখনক পৰিষ্কাৰ আৰু সুস্থ কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও ব্ৰণ আৰু অন্যান্য ছালৰ সমস্যা ৰোধ কৰাত সহায় কৰে ৷
৩/ বলিৰেখা কম কৰে
যেতিয়া আমাৰ ছালখন হাইড্ৰেটেড হয় তেতিয়া ই অধিক নমনীয় হৈ থাকে, যিয়ে বলিৰেখা আৰু মিহি ৰেখা কমোৱাত সহায় কৰে ৷
৪/ ছালখনক টোন কৰে
পানীয়ে আমাৰ ছালখনক টোন কৰাত সহায় কৰে, যাৰ ফলত ইয়াক শক্তিশালী আৰু কম বয়সীয়া যেন লাগে ৷