উত্তৰ-পূৰ্বাঞ্চললৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সংগীত শিল্পীসকলৰ এতিয়া লাহে লাহে সোঁত বৈছে ৷ বছৰৰ শেষ আৰু আৰম্ভণিতে সংগীতৰ মায়াজালেৰে শ্ৰোতাক মুগ্ধ কৰিবলৈ আহি আছে কেইবাগৰাকীও কণ্ঠশিল্পী ৷ ইফালে, ৭ ডিচেম্বৰ ঘৰুৱাভূমিত কণ্ঠশিল্পী পাপনৰ বিশেষ সংগীতৰ অনুষ্ঠান ৷
পাপনৰ ২০ বছৰীয়া সাংগীতিক যাত্ৰা
ডিচেম্বৰৰ আৰম্ভণিতে উদযাপন কৰা হ'ব অংগৰাগ পাপন মহন্তৰ সংগীত ক্ষেত্ৰখনত সফলতাৰ ২০টা বৰ্ষ ৷ অহা ৭ ডিচেম্বৰ তাৰিখে চান্দমাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত পাপনৰ অংগৰাগ মহন্তৰ সংগীতক্ষেত্ৰত গৌৰৱজ্জল ২০টা বর্ষ উপলক্ষে অনুষ্ঠিত কৰা হ'ব বিশেষ সংগীতৰ অনুষ্ঠান ৷
কণ্ঠশিল্পীগৰাকীৰ সুকীয়া কণ্ঠ, অসমীয়া লোকসংস্কৃতি বিশেষকৈ লোকগীত-বৰগীতক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি অভিনৱ প্ৰয়াস সেয়া সকলোকে সদায় উৎসাহিত কৰি আহিছে ৷ নিজৰ সুকীয়া কণ্ঠৰে বিগত দুটা দশক দৰ্শকক মোহাচ্ছন্ন কৰা কণ্ঠশিল্পীগৰাকীক সন্মান জনোৱাৰ অৰ্থে চানৰাইজ পিউৰ প্ৰেজেণ্টছ গুপচুপ ব্লকবাষ্টাৰ পাপন অনুষ্ঠানটোত পাপনৰ এই মাইলৰ খুঁটিটোক সন্মান জনোৱাৰ লগতে অনুৰাগীসকলক এটা সন্ধিয়াৰ বাবে তেওঁৰ প্ৰাণৱন্ত সুৰেৰে একত্ৰিত কৰিব ৷ কেৱল অসমীয়া গীতেই নহয় "মোহ মোহ কে ধাগে", "কৌন মেৰা", "লাবন কা কৰোবাৰ", আৰু "কিয়ন"ৰ দৰে বলীউডৰ হিট ছবিটো তেওঁৰ কণ্ঠই মোহাচ্ছন্ন কৰিছে শ্ৰোতাক ৷ সমান্তৰালভাৱে ৭ তাৰিখে মুক্তি পাব পাপনৰ প্ৰকৃতিক লৈ গীত "চৰাইজনী" ৷ পল প্ৰডাকচনৰ বেনাৰত "কেনে আছা তুমি" ৰ সফলতাৰ পিছত আকৌ এবাৰ আহি আছে "চৰাইজনী" ৷
তেখেতৰ ২০ বছৰীয়া সাংগীতিক যাত্ৰাটোক উদযাপন কৰাৰ মানসেৰে অহা ৭ ডিচেম্বৰ তাৰিখে এই গীতটো শ্ৰোতাগণৰ বাবে মুকলি কৰি দিয়া হ'ব গীতটো ৷ গীতটো লিখিছে ৰাহুল গৌতম শৰ্মাই আৰু সংগীত পৰিচালনা কৰিছে পৰাণ বৰকটকীয়ে ৷ ভিজুৱেল ঋতুপৰ্ণ গগৈৰ ৷ আনহাতে ৭ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোৰ বাবে পাচবোৰ বাহী এপত উপলব্ধ ৷
গুৱাহাটীত শিল্পা ৰাও