অন্টাৰিঅ’ (কানাডা) :পুনৰ বিমান দুৰ্ঘটনাৰ খবৰ ৷ বিমানবন্দৰত অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে এখন বিমান দুৰ্ঘটনাত পতিত হয় ৷ জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল প্ৰায় ৮০ জন যাত্ৰী ৷ এই দুৰ্ঘটনাত প্ৰায় ১৭ জন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে ৷ বিমান কৰ্তৃপক্ষই উল্লেখ কৰা মতে, এই দুৰ্ঘটনাৰ ফলত কোনো যাত্ৰীৰে মৃত্যু হোৱা নাই ৷
আমি উল্লেখ কৰা এই বিমান দুৰ্ঘটনাটো সংঘটিত হৈছে কানাডাৰ টৰন্টো পিয়ৰছন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Toronto Pearson International Airport) ৷ সোমবাৰে বিমানবন্দৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে ডেল্টা এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বৰফৰ মাটিত ওলোটাকৈ উলটি যায় । বিমানবন্দৰৰ CEO ডেব’ৰা ফ্লিণ্টে সংবাদ সংস্থা CNN ৰ আগত জনোৱা মতে, দুৰ্ঘটনাৰ পাছত বিমানবন্দৰৰ দুটা ৰাণৱে বন্ধ কৰি দিয়া হয় ৷ ইতিমধ্যে বিষয়াসকলে এই ঘটনাৰ তদন্ত চলাই আছে ।
বিমানবন্দৰৰ CEO গৰাকীয়ে CNN ৰ আগত কয়, ‘‘স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৫ বজাত এই দুৰ্ঘটনাৰ পিছতে বিমানবন্দৰৰ আন তিনিটা ৰাণৱেত সকলো আগমন আৰু প্ৰস্থান তৎক্ষণাত বন্ধ কৰি দিয়া হয় ৷’’
লগতে তেওঁ কয়, ‘‘তদন্তৰ বাবে বাকী দুটা ৰাণৱে আজি ৰাতিৰ পৰা আগন্তুক কিছুদিনলৈ বন্ধ হৈ থাকিব ।’’ CEO গৰাকীয়ে আৰু কয়, ‘‘এই দুৰ্ঘটনাত ১৭ জন যাত্ৰী আহত হৈছে ৷ বিমানখনত থকা ৭৬ জন যাত্ৰীৰ ভিতৰত ২২ জন কানাডাৰ, বাকীসকল অন্য দেশৰ ।’’