বিশেষ প্ৰতিবেদন, ১৪ আগষ্ট : আঠ বছৰ পিচত প্ৰথমবাৰৰ বাবে চকুত পটি বান্ধি, হেণ্ডকাফ পিন্ধি তেওঁক বন্দী কৰি থোৱা গোপন কাৰাগাৰৰ পৰা বাংলাদেশী অধিবক্তা আহমেদ বিন কোৱাচেমে ওলাই অহাৰ পিছত নিজৰ উশাহ বন্ধ হোৱা যেন হৈছিল, যেতিয়া তেওঁ পিষ্টলৰ শব্দ শুনিছিল ।
তেওঁক এখন গাড়ীৰ পৰা আৰু ঢাকাৰ উপকণ্ঠত থকা এক বোকাময় খাৱৈত পেলাই দিয়া হৈছিল । কিন্তু তেওঁ জীয়াই থকা, মুকলি হোৱা আৰু ৰাষ্ট্ৰীয় উত্থান-পতনৰ বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল, অথচ সেইটোৱেই তেওঁক আকস্মিকভাৱে মুক্তি দিছিল । ৪০ বছৰীয়া কোৱাচেমে এ এফ পিক কয়, "আঠ বছৰৰ ভিতৰত মই প্ৰথমবাৰৰ বাবে সতেজ বতাহ পাইছিলো । মই ভাবিছিলো যে তেওঁলোকে মোক হত্যা কৰিব ।"
কোৱাচেমৰ অপহৰণ আৰু নিৰুদ্দেশৰ বাবে দায়ী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই উক্ত ঘটনাৰ কেইঘণ্টামান পূৰ্বে দেশ এৰি পলায়ন কৰিছিল । তেওঁৰ ৫ আগষ্টৰ প্ৰস্থানে ১৫ বছৰৰ স্বৈৰাচাৰী শাসনৰ যৱনিকা পেলাইছিল । এই স্বৈৰাচাৰৰ ভিতৰত আছিল তেওঁৰ ৰাজনৈতিক বিৰোধীসকলক গণবন্দী কৰা আৰু ন্যায়বিৰুদ্ধভাৱে অন্তৰ্ভুক্ত কৰা ।
কিন্তু কোৱাচেম এই ঘটনাৱলী সন্দৰ্ভত অন্ধকাৰত আছিল । তেওঁক 'হাউচ অব মিৰৰ্ছ'ত (আইনা ঘৰ) বন্দী কৰি ৰখা হৈছিল । ইয়াক সেনাৰ চোৰাংচোৱা বিভাগে পৰিচালনা কৰিছিল আৰু এই নামটো দিয়াৰ অৰ্থ আছিল তাত থকা বন্দীসকলে কেতিয়াও নিজৰ বাহিৰে আন কোনো ব্যক্তিক দেখা পোৱা নাছিল । বন্দিত্বৰ দীঘলীয়া সময়ছোৱাত কোৱাচেমক খিৰিকীবিহীন এটা কোঠাত অকলশৰীয়াকৈ শিকলিৰে বান্ধি ৰখা হৈছিল ।
তেওঁৰ জেইলাৰসকলক বহিঃবিশ্বৰ কোনো বাতৰি কাৰাগাৰত প্ৰচাৰ নকৰিবলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছিল ।
প্ৰবল চিঞৰ-বাখৰ
আনহাতে, বন্দীশালৰ অন্য ঠাইত ৰক্ষীসকলে গোটেই দিনটো সংগীত বজাইছিল, যাৰ শব্দত ওচৰ-পাজৰৰ মছজিদৰ পৰা অহা আজানৰ সুৰ বিলীন হৈ গৈছিল । যাৰ ফলত কোৱাচেমৰ দৰে এগৰাকী মুছলমান ভক্তক নামাজৰ সময় নিৰ্ধাৰণ কৰাত বাধা প্ৰদান কৰিছিল । লগতে অপহৰণৰ পিচত বন্দীদশাত তেওঁৰ কিমান দিন অতিবাহিত হৈছিল তাৰো হিচাপ ৰখাত বাধা দিছিল ।
ইফালে সংগীত বন্ধ থকাৰ সময়ত তেওঁ আন বন্দীসকলৰ বেদনাকাতৰ শব্দ শুনিছিল । তেওঁ কয়, "লাহে লাহে মই অনুভৱ কৰিব পাৰিলোঁ যে মই অকলশৰীয়া নহয় । মই মানুহৰ কান্দোন শুনিবলৈ পাইছিলোঁ, মই মানুহক অত্যাচাৰ কৰা শুনিবলৈ পাইছিলোঁ, মই মানুহৰ চিঞৰ শুনিবলৈ পাইছিলো ।" উল্লেখ্য, হিউমেন ৰাইটছ ৱাচ্চে যোৱা বছৰ কৈছিল যে ২০০৯ চনত হাছিনা ক্ষমতালৈ অহাৰ পিচত সুৰক্ষা বাহিনীয়ে '৬০০ তকৈও অধিক লোকক বলপূৰ্বকভাৱে নিৰুদ্দেশ' কৰিছিল ।
এনে এক উৰাবাতৰিও বিয়পি পৰিছিল যে এক গোপন ব্লেক ছাইটত তেওঁলোকৰ ভিতৰৰ কিছু লোক আছিল । কিন্তু ২০২২ চনৰ হুইচেলব্ল'লাৰ প্ৰতিবেদন বিদেশত প্ৰকাশ নোহোৱালৈকে আইন ঘৰ জনসাধাৰণৰ অজ্ঞাতে আছিল । হাছিনাৰ চৰকাৰে পিচত ধাৰাবাহিকভাৱে কৈ আহিছিল যে ইয়াৰ কোনো অস্তিত্ব নাই । তেওঁ লগতে বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰাৰ কথাও অস্বীকাৰ কৰে আৰু দাবী কৰে যে নিৰুদ্দেশ হোৱা লোকসকলৰ কিছুমান ইউৰোপলৈ যাবলৈ চেষ্টা কৰি থকা সময়ত ভূমধ্য সাগৰত ডুব যায় ।
মোৰ পিতৃৰ মৃত্যুদণ্ডৰ কেইদিনমান পূৰ্বে
কোৱাচেম নিজৰ অপহৰণৰ কাৰণ সন্দৰ্ভত নিশ্চিত । তেওঁৰ পিতৃ বাংলাদেশৰ সৰ্ববৃহৎ ইছলামিক দল জামাত-ই-ইছলামীৰ জ্যেষ্ঠ সদস্য মীৰ কোৱাচেম আলীৰ সেই বছৰ বিচাৰ চলি আছিল ।
১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে দেশৰ মুক্তিযুদ্ধৰ সময়ত স্বাধীনতাপন্থী বাংলাদেশীসকলক অত্যাচাৰ কৰা এটা অৰ্ধসামৰিক গোট চলাই থকাৰ অভিযোগ আছিল আলীৰ বিৰুদ্ধে । তেওঁ আৰু আন কেইবাজনো লোকক যুদ্ধ অপৰাধ ন্যায়াধীকৰণে অভিযুক্ত কৰিছিল, স্পষ্টতঃ উক্ত বিধ্বংসী সংঘৰ্ষৰ ভুক্তভোগীসকলক ন্যায় প্ৰদান কৰিবলৈ । কিন্তু ৰাজনৈতিক বিৰোধীসকলক আঁতৰ কৰাৰ বাবে হাছিনাৰ বাবে এক উপায় হিচাপেহে ইয়াক ব্যাপকভাৱে দেখা গৈছিল ।
আলী দোষী হওক বা নহওক, তেওঁৰ গোচৰৰ সৈতে থকা ন্যায়ৰ যি উপহাস সেই বিষয়ে জানিবলৈ কোনো উপায় নাছিল । আনহাতে, ৩২ বছৰ বয়সত লণ্ডনৰ বাৰলৈ আমন্ত্ৰণ জনোৱা কোৱাচেমে তেওঁৰ পিতৃৰ প্ৰতিৰক্ষাৰ বাবে ন্যায় যুঁজ চলাই গৈছিল ।
ন্যায়াধিকৰণত প্ৰক্ৰিয়াগত ত্ৰুটি আৰু ন্যায়িক পক্ষপাতিত্বৰ ওপৰত তেওঁৰ নিয়মীয়া সংবাদ মাধ্যম সম্বোধন, মানৱ অধিকাৰ দল আৰু ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলৰ দ্বাৰা তেওঁ যি প্ৰক্ৰিয়া চলাই গৈছিল, তাৰ বাবে তেওঁ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল । তাৰ পিচত সাধাৰণ পোছাক পৰিহিত কিছু লোক এদিন নিশা তেওঁৰ ঘৰত প্ৰৱেশ কৰি তেওঁক পৰিয়ালৰ মাজৰ পৰা উলিয়াই আনিছিল আৰু চিৰিৰে টানি নি তেওঁক পূৰ্বৰে পৰা অপেক্ষা কৰি থকা এখন গাড়ীত পেলাই দিছিল ।
"মই কেতিয়াও মোৰ আটাইতকৈ ৰূঢ় সপোনতো বিশ্বাস কৰিব পৰা নাছিলোঁ যে তেওঁলোকে মোৰ পিতৃৰ মৃত্যুদণ্ডৰ কেইদিনমান পূৰ্বে মোক নিৰুদ্দেশ কৰিব ।" কোৱাচেমে কয় । "মই তেওঁলোকক কৈ আছিলোঁ, "আপোনালোকে জানেনে মই কোন ? মোৰ গোচৰটো চলাই নিবলৈ মই ঘৰত থাকিব লাগিব । মই মোৰ পৰিয়ালৰ সৈতে তাত থাকিব লাগিব ।" তেওঁ লগতে কয় ।
উল্লেখ্য, তেওঁক নিৰুদ্দেশ কৰাৰ চাৰি সপ্তাহ পিচত কোৱাচেমৰ পিতৃক ফাঁচি দিয়া হৈছিল । কোৱাচেমে এই কথা প্ৰায় তিনি বছৰলৈকে জনা নাছিল । কিন্তু তেওঁৰ কাৰাগাৰৰ এজন জেইলাৰে দুৰ্ঘটনাক্ৰমে জিভা পিছলি এই কথা তেওঁৰ আগত প্ৰকাশ কৰিছিল ।
এইটো আঠটা জীৱনকালৰ দৰে অনুভৱ হৈছিল
তেওঁক কাৰাগাৰৰ পৰা বাহিৰলৈ লৈ যোৱা গাড়ীখন দ্ৰুতগতিত পলাই যোৱাৰ পিচত কোৱাচেমে ঘৰলৈ যাবলৈ ওৰেনিশা খোজকাঢ়িবলৈ চেষ্টা কৰিছিল । কিন্তু কাকতালীয়ভাৱে তেওঁ এক দাতব্য সংস্থাৰ দ্বাৰা পৰিচালিত এখন ক্লিনিকৰ সন্মুখত উপস্থিত হয়, যিখনৰ এটা সময়ত তেওঁৰ পিতৃ ট্ৰাষ্টী আছিল । তেওঁক এজন কৰ্মচাৰীয়ে চিনাক্ত কৰে আৰু তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ এটা ফোন নম্বৰ দিয়ে ।
কিন্তু সৰ্বপ্ৰথমে তেওঁৰ চাৰিওফালে উপস্থিত থকা লোকসকলৰ উত্তেজিত কথাবাৰ্তাই কোৱাচেমক কেইবা সপ্তাহ ধৰি চলি থকা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ বিষয়ে জানিবলৈ দিয়ে, যাৰ ফলত তেওঁ মুক্তি লাভ কৰে । তেওঁ কয়, "এই সমগ্ৰ বিষয়টো কেইজনমান কিশোৰে সম্ভৱ কৰি তুলিলে ।" তেওঁ লগতে কয়, "যেতিয়া মই এই শিশুসকলক আগুৱাই যোৱা দেখিছোঁ, তেতিয়া মই সঁচাকৈয়ে আশাবাদী যে এইটোৱেই এক সুযোগ হ'ব যাৰ দ্বাৰা বাংলাদেশে এক নতুন দিশ বিচাৰি পাব ।"
আনহাতে, কোৱাচেম আৰু তেওঁৰ পৰিয়ালে এ এফ পিক তেওঁলোকৰ ঘৰত উষ্ম আদৰণি জনায় । কিন্তু তেওঁৰ মুখমণ্ডলত বন্দিত্বৰ আঘাত তৎক্ষণাৎ স্পষ্ট হৈ পৰিছিল । আটক কৰাৰ পূৰ্বে তেওঁ সযতনে ৰখা চুলিকেইডাল জপৰা হৈ পৰিছিল আৰু তেওঁৰ ওজন ভয়ংকৰ পৰিমাণত হ্ৰাস পাইছিল । তেওঁৰ পত্নী তাহমিনা আখতাৰে কয় যে কোৱাচেমৰ ঘটনাক কেন্দ্ৰ কৰি হোৱা প্ৰচাৰে তেওঁক তেওঁলোকৰ সন্তানৰ বিদ্যালয়ত আন মাতৃসকলে এলাগী কৰা অনুভৱ কৰাইছিল ।
তেওঁৰ নিৰুদ্দেশ হোৱাৰ প্ৰতিটো বাৰ্ষিকীত পৰিয়ালটোক নিৰন্তৰ হাৰাশাস্তি কৰা হৈছিল আৰু ইয়াক প্ৰচাৰ কৰা বন্ধ কৰিবলৈ সতৰ্ক কৰি দিয়া হৈছিল । তেওঁক লৈ যোৱাৰ সময়ত তেওঁৰ দুগৰাকী তিনি আৰু চাৰি বছৰীয়া কন্যা সন্তান আছিল । জ্যেষ্ঠসকলে তেওঁৰ অপহৰণ প্ৰত্যক্ষ কৰিছিল আৰু এতিয়াও কিছুমানে বিভাগীয় কৰ্তৃপক্ষৰ ব্যক্তিক ভয় কৰে ।
কনিষ্ঠ কন্যাগৰাকীয়ে তেওঁক একেবাৰে মনত পেলাব পৰা নাছিল । আনহাতে, কোৱাচেমৰ মাতৃ আয়েছা খাতুনে এ এফ পিক কয়, "আমাৰ বাবে এয়া আঠ বছৰৰ দৰে অনুভৱ হোৱা নাছিল । এইটো আঠটা জীৱনৰ দৰে অনুভৱ হৈছিল ।"