এনে বহুলোক আছে যিয়ে নিজৰ ডাইনিং টেবুলত তেলীয়া খাদ্য নহ’লে মুখ কোঁচাবলৈ আৰম্ভ কৰে ৷ কিন্তু এনে লোকৰ এই অভ্যাসেই বহু স্বাস্থ্যজনিত সমস্যাৰ কাৰণ হ’ব পাৰে, য’ত মেদবহুলতা, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, যকৃতৰ সমস্যা, হাৰ্ট এটেক, হৃদৰোগ, ক’ৰ’নাৰী ধমনী ৰোগ আৰু ট্ৰিপল ভেছেল ডিজিজ আদি অন্তৰ্ভুক্ত ৷
সেয়ে, এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যসন্মত ৰন্ধন তেল ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় ৷ এনেক্ষেত্ৰত অলিভ অইল আপোনাৰ আটাইতকৈ লাভদায়ক প্ৰমাণিত হ’ব পাৰে ৷ অধিকাংশ স্বাস্থ্য বিশেষজ্ঞই এক্সট্ৰা ভাৰ্জিন অলিভ অইলক স্বাস্থ্যৰ বাবে ভাল বুলি বিবেচনা কৰে ৷
এক্সট্ৰা ভাৰ্জিন অলিভ অইল সেৱনৰ উপকাৰিতা
১) ওজন বজাই ৰখা হ’ব
ৰন্ধন তেল ওজন বৃদ্ধিৰ বাবে দায়ী কাৰণ ইয়াত চেচুৰেটেড ফেট থাকে, যাৰ ফলত পেট আৰু কঁকালৰ চৰ্বি বৃদ্ধি পায় ৷ ইয়াৰ পৰিৱৰ্তে এক্সট্ৰা ভাৰ্জিন অলিভ অইল ব্যৱহাৰ কৰিলে ক্ৰমান্বয়ে আপোনাৰ ওজন কমিবলৈ আৰম্ভ কৰিব ৷