খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে উপযুক্ত তেল ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ বিশেষকৈ ভাৰতীয় খাদ্যত তেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ভাৰতীয়সকলে তেল নোহোৱাকৈ ৰন্ধা খাদ্য খাবলৈ ভাল নাপায়, কিন্তু বেছিকৈ তেল যোগ কৰিলে খাদ্যৰ সোৱাদ নষ্ট হয় ৷ ইয়াৰ উপৰিও ই স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে ৷ সুস্থ হৈ থাকিবলৈ ভাল আৰু শুদ্ধ ৰন্ধন তেল ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি এনেধৰণৰ তেল ব্যৱহাৰ কৰিব লাগে যাতে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি নহয় ৷ শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ’লে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় ৷ এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ ৰন্ধন তেলৰ পৰিমাণ কমাই খোৱাৰ লগতে সঠিক ৰন্ধন তেল বাছি লোৱাটো খুবেই জৰুৰী ৷ তেন্তে জানো আহক আমাৰ স্বাস্থ্যৰ বাবে আমি কোনবিধ ৰন্ধন তেল ব্যৱহাৰ কৰাটো উচিত ৷
এই ৰন্ধন তেলবোৰ স্বাস্থ্যৰ বাবে উত্তম বুলি বিবেচিত হয়
১.সৰিয়হৰ তেল
ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঘৰতে বিশেষকৈ অসমত সৰিয়হৰ তেল ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা হয় ৷ সৰিয়হৰ তেলত মনোঅনচেচুৰেটেড আৰু পলিঅনচেচুৰেটেড ফেট পোৱা যায় ৷ ইয়াক হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ৷ এই দুয়োবিধ চৰ্বি শৰীৰৰ বাবে উপকাৰী কাৰণ ইয়াৰ পৰা তৈয়াৰী খাদ্য খালে শৰীৰত থকা বেয়া কলেষ্টেৰল হ্ৰাস পাব পাৰে ৷ ইয়াৰ লগতে আমাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাতো কাম কৰে ৷
২.অলিভ অইল
অলিভ অইলক জলফাইৰ তেল বুলিও কোৱা হয় ৷ এই তেল সৰ্বোত্তম বুলি গণ্য কৰা হয় ৷ ইয়াত স্বাস্থ্যকৰ চৰ্বি পোৱা যায় যিটো আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে সৰ্বোত্তম ৷ ইয়াৰ ফলত বেয়া কলেষ্টেৰল হ্ৰাস পায় আৰু এই তেল ছাল আৰু চুলিৰ বাবেও উপকাৰী বুলি বিবেচিত হয় ৷ এই তেল বহু ধৰণৰ চালাডতো ব্যৱহাৰ কৰা হয় ৷