বৰ্তমান সময়ত বহু মহিলাই সন্মুখীন হৈ অহা এটি সমস্যা হৈছে PCODৰ সমস্যা ৷ যাৰ সম্পূৰ্ণ নাম হৈছে Polycystic Ovary Syndrome চমুকৈ PCOD মূলত যি হৈছে এক হ’ৰম’নেল সমস্যা ৷ PCODৰ প্ৰধান কাৰণ বুলি ক’বলৈ গ'লে হ’ৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে এই অসুবিধাৰ সন্মুখীন হয় ৷ আমাৰ শৰীৰৰ সকলোবোৰ অংগ নিয়ন্ত্ৰণ হয় মগজুৰ দ্বাৰা ৷ মগজুত Hypothalamus নামৰ এটা গ্ৰন্থি থাকে ৷ এই গ্ৰন্থিৰ পৰাই হ'ৰমন ওলাই ডিম্বাশয়লৈ যায় ৷ পৰৱৰ্তী সময়ত ডিম্বাশয়ৰ পৰা পুনৰ হ'ৰম'ন উৎপন্ন হৈ ইউট্ৰাচত কাম কৰে আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক Menstrual function বুলি কোৱা হয় ৷ কিন্তু যেতিয়া কোনো মহিলা PCODৰ সমস্যাত ভোগে তেতিয়া সময়মতে ঋতুস্ৰাৱ নহয় ৷ এনে হ’লে ঋতুস্ৰাৱ কম পৰিমাণৰ বা অনিয়মীয়া বা বন্ধ হোৱা দেখা যায় ৷
বৰ্তমান সময়ত PCODৰ সমস্যাত ভোগাৰ প্ৰধান কাৰণ বুলি ক’বলৈ অনিমিত জীৱনশৈলী, সঠিকভাৱে বা সঠিক পৰিমাণে খাদ্য গ্ৰহণ নকৰা তথা বিভিন্ন কাৰণ ইয়াৰ সৈতে জড়িত হৈ আছে ৷ সেয়ে জীৱনশৈলী ধাৰণা সলনি কৰাৰ পৰা আৰম্ভ কৰি খাদ্যভ্যাস আদিও সলনি কৰাটো বৰ্তমান খুবেই জৰুৰী ৷ চিকিৎসকৰ মতে, এই সমস্যত ভোগা মহিলাৰসকলৰ ডায়েবিটিছ, জৰায়ুৰ কৰ্কট ৰোগ যাক Uterine Cancer বুলি কোৱা হয় এইবোৰ সমস্যা বৃদ্ধি হোৱা দেখা যায় ৷
সেয়ে সন্দৰ্ভত ইটিভি ভাৰত অসমৰ সৈতে হোৱা এটি বিশেষ সাক্ষাৎকাৰত PCOD কি হয় ? কিহৰ বাবে এই সমস্যা হয় ? প্ৰায়ভাগ মহিলাৰে মাহেকীয়াৰ সময়ত কিয় পেটৰ বিষ হয় ? কিয় অত্যধিকভাৱে বৃদ্ধি পাইছে সন্তানহীনতাৰ সমস্যা ? এই সন্দৰ্ভত বিতংভাৱে জনালে স্ত্ৰীৰোগ বিশেষজ্ঞ বিজয় মেহেতাই জানো আহক এই সমস্যাৰ সন্দৰ্ভত কি কয় চিকিৎসকে-
PCOD ৰ সমস্যা থকা লোক সকলৰ চিষ্ট হোৱাৰো সম্ভাৱনা থাকে নেকি ?