পুৱা শোৱাপাটিৰ পৰা উঠি যোৱাৰ পিচত কিছু সময়লৈ আমি সকলোৱে এক শাৰীৰিক বা মানসিক অৱসাদ অনুভৱ কৰো ৷ এই অৱসাদ দূৰৰ ঔষধ হিচাপে আমাৰ মনে বিচাৰে একাপ চাহ ৷ পচন্দৰ চাহ কাপত এটা চুমুক, আহ ! সঁচাকৈ যেন নিমিষতে দূৰ হৈ যায় আমাৰ সকলো অৱসাদ, মগজুৱে যেন লাভ কৰে নতুন প্ৰাণ আৰু.. শান্ত হৈ উঠে আমাৰ শৰীৰ ! সময়মতে একাপ চাহ খাবলৈ নাপালেই যেন বহুতেই অস্থিৰ হৈ পৰে, মুহূৰ্তৰ ভিতৰতে আৱৰি ধৰে অৱসাদে ৷ পুৱাৰ পৰা সন্ধিয়ালৈকে দিনটোৰ ভিতৰত ৫-৬ বাৰকৈ প্ৰয়োজন এই প্ৰাণসঞ্চাৰী ঔষধ ৷ এয়াই আমাৰ সমাজৰ এক পৰিচিত দৃশ্য ৷
পুৱা শুই উঠি একাপ গৰম চাহত দিয়া চুমুকে আমাৰ শৰীৰলৈ আনে যথেষ্ট উদ্যম ৷ একেদৰে দিনটোৰ কামৰ হেঁচাই আনি দিয়া অৱসাদ দূৰীকৰণৰ প্ৰধান উপায় হ’ব পাৰে একাপ চাহ ৷ প্ৰায়ে দেখা যায় যে, চাহকাপ অধিক সোৱাদযুক্ত কৰি তুলিবলৈ কিছুমান মানুহে চাহকাপ বহু সময় ধৰি উতলাই থাকে ৷ কিন্তু আপুনি জানেনে, এনেদৰে অধিক সিজোৱা চাহ আমাৰ দেহৰ বাবে যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে ?
ডায়েটিচিয়ান পায়েল শৰ্মাই এই সন্দৰ্ভত উল্লেখ কৰা মতে, অতিমাত্ৰা সিজোৱা চাহ স্বাস্থ্যৰ বাবে বিপদজনক ৷ শেহতীয়াকৈ ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্ছ (ICMR)- এ এই সন্দৰ্ভত গাইডলাইন জাৰি কৰি কয় যে দীৰ্ঘসময় ধৰি সিজাই থকা চাহ খালে আমাৰ লিভাৰ আৰু হৃদযন্ত্ৰৰ ওপৰত বেয়া প্ৰভাৱ পৰে ৷
অধিক সময় ধৰি সিজাই থকা চাহ খালে কেনেধৰণৰ সমস্যাই দেখা দিব পাৰে চাওঁ আহক-
ৰক্তচাপ
বিশেষজ্ঞসকলৰ মতে, বহু সময় ধৰি সিজাই থকা চাহ খালে ৰক্তচাপ বৃদ্ধি পায় ৷ বেছিকৈ উতলালে বা বাৰে বাৰে গৰম কৰিলে চাহৰ পৰা অধিক টেনিন নিৰ্গত হয় ৷ ই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে ৷