প্ৰায়ভাগ লোকেই শৰীৰত তৎক্ষণাত শক্তিলাভৰ বাবে এনাৰ্জী ড্ৰিংক সেৱন কৰে ৷ বিশেষকৈ খেলৰ সৈতে জড়িত লোকসকলে ৷ এনাৰ্জি ড্ৰিংকে আপোনাক গোটেই দিনটো শক্তিশালী, একাগ্ৰ আৰু সজাগ কৰি ৰাখে ৷ শেহতীয়াকৈ এনাৰ্জি ড্ৰিংকছৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ কিন্তু একাংশ স্বাস্থ্য বিশেষজ্ঞই ইয়াক সেৱনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ কিছুমান ক্ষেত্ৰত এনাৰ্জি ড্ৰিংকে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে, যাৰ বিষয়ে আমি এই প্ৰতিবেদনৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম ৷
এনাৰ্জি ড্ৰিংকছৰ পাৰ্শ্বক্ৰিয়া
আপোনালোকক জনাই দিও যে, যিসকল লোকে অত্যধিক এনাৰ্জি ড্ৰিংকছ পৰিমানে সেৱন কৰে তেওঁলোকৰ টোপনিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে ৷ এনে লোকৰ মাজত অনিদ্ৰাৰ সমস্যা বাঢ়িব পাৰে ৷ ই কেৱল আপোনাৰ টোপনিৰ ওপৰত বেয়া প্ৰভাৱ পেলোৱাই নহয়, মানসিক স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷