অসম

assam

আফগানিস্তানৰ জয়ত সুখী বলীউড তাৰকা - bollywood Celebs on Afghanistan win

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 4:50 PM IST

T20 World cup 2024: আজি ২৫ তাৰিখে আফগানিস্তানে বাংলাদেশৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ ২০২৪ ত এক দৰ্শনীয় জয়লাভ কৰে । এই জয়ত কেৱল আফগানসকলেই নহয় ভাৰতীয়সকলো সুখী ।

T20 World cup 2024 bollywood Celebs react to Afghanistan win against Bangladesh
আফগানিস্তানৰ জয়ত তাৰকাৰ প্ৰতিক্ৰিয়া (ETV Bharat)

চিটাৰা ডেস্ক, 25 জুন : ২০২৪ চনৰ আই চি চি টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত মঙলবাৰে ছেইণ্ট ভিনচেণ্টত বাংলাদেশৰ বিৰুদ্ধে আঠ ৰানৰ জয় (ডিএলএছ) লাভ কৰি আফগানিস্তানে নিজৰ স্থান দখল কৰে । আফগানিস্তানে বাংলাদেশক ৮ ৰানত পৰাস্ত কৰে । গ্ৰুপ 1 ৰ পৰা কোৱালিফায়াৰ হিচাপে ভাৰতৰ সৈতে যোগদান কৰে আফগানিস্তানে । একে সময়তে বাংলাদেশৰ পৰাজয়ৰ পাচত অষ্ট্ৰেলিয়া প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে । আফগানিস্তানৰ জয় আৰু অষ্ট্ৰেলিয়া খেলৰ পৰা বাহিৰ হোৱাত কেৱল আফগানসকলেই নহয় ভাৰতীয় চেলেব্ৰিটীসকলো সুখী ।

আফগানিস্তানৰ জয়ত তাৰকাৰ প্ৰতিক্ৰিয়া ((instagram story))

বাংলাদেশৰ বিৰুদ্ধে আফগানিস্তানৰ দৰ্শনীয় বিজয়ক লৈ দেখিবলৈ পোৱা গৈছে বলীউডৰ তাৰকাৰ প্ৰতিক্ৰিয়া । ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিজয়ী দলটোক অভিনন্দন জনাইছে তেওঁলোকে ।

আফগানিস্তান দলৰ অল-ৰাউণ্ডাৰ ৰছিদ খানৰ এখন ছবি ইনষ্টাগ্ৰাম ষ্ট’ৰীত পোষ্ট কৰি চনু সুদে ক্ৰিকেটাৰগৰাকীক প্ৰশংসা কৰি কেপশ্যনত লিখিছে, ‘অভিনন্দন মোৰ ভাই ৰছিদ । ৱেল ডান ভাই ।’

বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানাই এক্সত এটা পোষ্ট কৰিছে, য’ত তেওঁ আফগানিস্তানৰ দলটোক প্ৰশংসা কৰিছে । তেওঁ কেপশ্যনত লিখিছে, ‘এই বিশ্বকাপত অষ্ট্ৰেলিয়া দুৰ্ভগীয়া হৈ পৰিছে । ভাল খেলিলে আফগানিস্তানে ।’

বলীউডৰ অভিনেতা সুনীল শ্বেট্টীয়েও আফগানিস্তানৰ দলটোক প্ৰশংসা কৰিছে । দলটোৰ প্ৰদৰ্শনক প্ৰশংসা কৰি তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘অ’, আফগানিস্তানৰ বাবে কি জয় । এটা কল্পনাতীত দল আৰু এখন দেশৰ বাবে এক অতি যোগ্য জয় । কাবুলে আজি উদযাপন কৰিছে আৰু লগতে পৃথিৱীয়েও ।’

আফগানিস্তানৰ জয়ত তাৰকাৰ প্ৰতিক্ৰিয়া ((instagram story))

বাংলাদেশৰ বিৰুদ্ধে আফগানিস্তানৰ ঐতিহাসিক জয়ৰ পাচত ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ পৰ্যায়ৰ পৰা বাহিৰ হৈছে অষ্ট্ৰেলিয়া । আফগানিস্তানে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । দলটোৱে ৫টা উইকেট হেৰুৱাই বাংলাদেশক ১১৬ ৰানৰ লক্ষ্য দিয়ে । আটাইকেইটা উইকেট হেৰুৱাই ১০৫ ৰান সংগ্ৰহ কৰে বাংলাদেশে । ভাৰতৰ পৰা পৰাজয়ৰ পিচত অষ্ট্ৰেলিয়াৰ দলটো বিপদত পৰিছে, কাৰণ ৩খন মেচৰ পিচত ইয়াৰ একাউণ্টত মাত্ৰ ২ পইণ্টহে আছে ।

লগতে পঢ়ক :লণ্ডনত বেট-বল হাতত তুলি ল’লে পিতৃ-কন্যা যুটিয়ে - shah rukh khan in london with fam

ABOUT THE AUTHOR

...view details