চিটাৰা ডেস্ক, ১১ ফেব্ৰুৱাৰী :শেহতীয়াকৈ প্ৰবীণ অভিনেতা মিঠুন চক্ৰৱৰ্তীৰ সন্দৰ্ভত এটা উদ্বেগজনক খবৰ আহিছিল ৷ দৰাচলতে শনিবাৰে কলকাতাত শ্বুটিং কৰি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিছিল মিঠুন চক্ৰৱৰ্তী । ইয়াৰ পিচতে তেওঁক ততাতৈয়াকৈ কলকাতাৰ এপ’ল’ হাস্পতালৰ জৰুৰীকালীন ইউনিটত ভৰ্তি কৰোৱা হৈছিল ৷ তাতেই অভিনেতাগৰাকীৰ চিকিৎসা চলি আছিল । এতিয়া চিকিৎসালয়খনে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত এটা আপডেট শ্বেয়াৰ কৰিছে ।
চিকিৎসালয়খনে জাৰি কৰা বিবৃতিটোত অভিনেতাজনৰ ষ্ট্ৰোক হোৱা বুলি কোৱা হৈছে । চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্যৰ নিৰীক্ষণ কৰি আছে ।
শনিবাৰে এপ’ল’ হাস্পতালে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতা মিথুন চক্ৰৱৰ্তীক পুৱা ৯.৪০ বজাত কলকাতাৰ এপ’ল’ মাল্টিস্পেচিয়েলিটি হাস্পতালৰ জৰুৰীকালীন বিভাগলৈ অনা হয় । মগজুৰ তলৰ অংশৰ এম আৰ আইকে ধৰি প্ৰয়োজনীয় পৰীক্ষাগাৰ আৰু ৰেডিঅ’লজী কৰা হৈছিল ।
তেওঁৰ মগজুৰ Ischemic Cerebrovascular Accident (Stroke) ৰোগ ধৰা পৰিছে । বৰ্তমান তেওঁ সম্পূৰ্ণ সচেতন, সুস্থ আৰু কোমল খাদ্য গ্ৰহণ কৰি আছে । মিথুন চক্ৰৱৰ্তীক বৰ্তমান নিৰীক্ষণ কৰি আছে স্নায়ু-চিকিৎসক, হৃদৰোগ বিশেষজ্ঞ আৰু গেষ্ট্ৰ’এণ্টেৰ’লজিষ্টকে ধৰি চিকিৎসকৰ এটা দলে ।
ইয়াৰ পূৰ্বে পুত্ৰ মহাঅক্ষয় চক্ৰৱৰ্তীয়ে পিতৃৰ স্বাস্থ্যৰ বিষয়ে জনাইছিল যে তেওঁক (মিথুন চক্ৰৱৰ্তীক) নিয়মীয়া পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ অনা হৈছে ।