ডিব্ৰুগড় :ক্ৰীড়া আৰু সংগীত, এই ক্ষেত্ৰ দুটাত আগবাঢ়িছে অসম ৷ এজনৰ পাছত আন এজন অসমীয়াই ক্ৰমান্বয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ অসমবাসীক গৌৰৱবোধ কৰাৰ সুবিধা আজিকালি প্ৰায়ে দিয়ে অসম সন্তানে । শেহতীয়াকৈ ওড়িশাৰ কটকত অনুষ্ঠিত হোৱা ‘গ্ল’বেল থিয়েটাৰ ফেষ্টিভেল’ত জিলিকিল অসমৰ বহু শিক্ষাৰ্থী ৷
উক্ত ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমৰ প্ৰতিযোগীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । ১৫ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অসমৰ হৈ খোৱাং সংগীত বিদ্যালয়ৰ ১৯ গৰাকী ছাত্র-ছাত্ৰীয়ে স্থান পাবলৈ সক্ষম হৈছে । এই গ্ল’বেল থিয়েটাৰ ফেষ্টিভেলত মহাৰাষ্ট্ৰ, পাঞ্জাৱ, উত্তৰ প্ৰদেশ, মণিপুৰকে আদি কৰি বহু সংখ্যক ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল যদিও অসমক প্ৰতিনিধিত্ব কৰি যোৱা দলটোৱে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মুঠ 36 টা পদক লাভ কৰিবলৈ সক্ষম হয় ।
অসমক প্ৰতিনিধিত্ব কৰি যোৱা খোৱাং সংগীত বিদ্যালয়ৰ বিদিশা দত্তই সত্ৰীয়া নৃত্যত প্ৰথম পুৰস্কাৰ, আৰ্জেন্টিনা গগৈয়ে বিহু নৃত্যত দ্বিতীয় পুৰস্কাৰ, মুনমী বৰুৱাই আধুনিক আৰু সত্ৰীয়া নৃত্যত তৃতীয় পুৰস্কাৰ, সাগৰিকা কোঁৱৰ বৰুৱাই বিহুত প্ৰথম পুৰস্কাৰ, অন্যন্যা শেনছোৱাই আধুনিক নৃত্যত চেয়াৰমেন পুৰস্কাৰ ,মধুস্মিতা শেনছোৱাই আধুনিক নৃত্যত দ্বিতীয় পুৰস্কাৰ, পূৰ্ণিমা নেৱাৰে লোকনৃত্যত চেয়াৰমেন পুৰস্কাৰ আৰু আধুনিক নৃত্যত প্ৰথম পুৰস্কাৰ, বিদিশা চেতিয়াই বিহু নৃত্যত তৃতীয় পুৰস্কাৰ, বিদিশা সন্দিকৈয়ে সত্ৰীয়া নৃত্যত চেয়াৰমেন পুৰস্কাৰ, অংগনা নেৱাৰে লোকনৃত্যত দ্বিতীয় পুৰস্কাৰ, দিহান হাজৰিকাই ভূপেন্দ্ৰ সংগীতত তৃতীয় পুৰস্কাৰ, বিস্মিত কোঁৱৰে আধুনিক নৃত্যত প্ৰথম আৰু সত্ৰীয়া নৃত্যত দ্বিতীয়, পূৰ্ণিমা লাহনে চেয়াৰমেন পুৰস্কাৰ, প্ৰজ্ঞা শিখা বৰুৱাই সত্ৰীয়া নৃত্যত তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ লগতে নৃত্য প্ৰশিক্ষক ৰূপজ্যোতি বৰুৱাই বেষ্ট কৰিঅ’গ্ৰাফাৰ সন্মান লাভ কৰে ।
