অসম

assam

ETV Bharat / entertainment

স্তন কেন্সাৰত আক্ৰান্ত হিনা খানে হাতযোৰ কৰি কিয় বিচাৰিলে সহায় - Hina Khan Breast Cancer

Hina Khan: স্তন কেন্সাৰত চিকিৎসাধীন হৈ থকা টেলিভিচন জগতৰ অক্ষৰা অৰ্থাৎ অভিনেত্ৰী হিনা খানৰ এই নতুন পোষ্টটোৱে বৃদ্ধি কৰিছে অনুৰাগীৰ উদ্বিগ্নতা । হিনা খানে তেওঁৰ নতুন পোষ্টত আল্লাৰ পৰা সহায় বিচৰা দেখা গৈছে । সবিশেষ পঢ়ক-

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 1:50 PM IST

Updated : Jul 11, 2024, 4:51 PM IST

Hina Khan prays for strength amid her breast cancer battle Please Allah please
স্তন কেন্সাৰত আক্ৰান্ত হিনা খানে হাতযোৰ কৰি বিচাৰিলে সহায় (INSTAGRAM)

চিটাৰা ডেস্ক, 11 জুলাই: টেলিভিচন জগতৰ অভিনেত্ৰী হিনা খানে সম্প্ৰতি স্তন কেন্সাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত তেওঁ স্তন কেন্সাৰত ভোগা বুলি সকলোকে অৱগত কৰে ৷ হিনা খান তৃতীয় পৰ্যায়ৰ স্তন কেন্সাৰত আক্ৰান্ত বুলি জনাত বহু চেলিব্ৰিটিয়েই স্তম্ভিত হৈ পৰিছিল । তেতিয়াৰ পৰাই চেলিব্ৰিটি আৰু হিনা খানৰ অনুৰাগীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰি আহিছে । শেহতীয়াকৈ হিনা খানে তেওঁ কেমোথেৰাপি গ্ৰহণ কৰাৰ কথা সকলোৰে সৈতে শ্বেয়াৰ কৰে । এতিয়া হিনা খানৰ শেহতীয়া এটি পোষ্টে তেওঁৰ অনুৰাগীক আৰু অধিক চিন্তিত কৰি তুলিছে ।

স্তন কেন্সাৰত আক্ৰান্ত হিনা খানে হাতযোৰ কৰি বিচাৰিলে সহায় (HINA KHAN INSTAGRAM STORY)

হিনা খানে ১০ জুলাইৰ নিশা তেওঁৰ Insta Storyত এটা পোষ্ট শ্বেয়াৰ কৰিছিল । এই পোষ্টটোত হিনা খানক চিন্তিত যেন দেখা গৈছিল । এই পোষ্টটোৰ কথা ক’বলৈ গৈ হিনাই লিখে যে, আপোনাৰ বেদনা আল্লাৰ বাহিৰে আন কোনোৱে বুজিব নোৱাৰে, প্লিজ আল্লাহ প্লিজ । উল্লেখ্য যে, হিনা খানৰ বয়ফ্ৰেণ্ড ৰকি জয়ছৱালো বৰ চিন্তিত, তৎস্বত্বেও তেওঁ দিনে নিশাই হিনাৰ সাহস মজবুত কৰি আছে ।

একে সময়তে হিনা খানক কেন্সাৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিচৰে পৰা ছ’চিয়েল মিডিয়াত তেওঁ অহৰহ পোষ্ট শ্বেয়াৰ কৰি আহিছে । এই পোষ্টটোৰ পূৰ্বে হিনা খানে এটা ভিডিঅ’ আৰু কিছু ছবি শ্বেয়াৰ কৰিছিল, য’ত হিনা খানক চুলি কটা দেখা গৈছিল । এই পোষ্টটোত হিনা খানে সকলোকে তেওঁৰ কেমোথেৰাপিৰ বিষয়ে অৱগত কৰিছিল । এটি ভিডিঅ’ত কেমোথেৰাপিৰ বাবে নিজৰ চুলি কাটি থকা ভিডিঅ’ তেওঁ শ্বেয়াৰ কৰে ৷

আনহাতে কেমোথেৰাপিৰ সময়ত হিনা খানে শ্বেয়াৰ কৰা কেইখনমান ফ’টোত শৰীৰৰ কাষলতিত কিছু অংশ কটা দেখা গৈছে । হিনা খানে নিজেই নিজৰ পোষ্টত কৈছিল যে কেন্সাৰৰ চিকিৎসাৰ সময়ত তেওঁৰ শৰীৰত কিছু কাটিছিল, তাৰ পিচত অনুৰাগীৰ দৃষ্টি সেই অংশত নিবদ্ধ হৈছিল ।

আনহাতে, ৩৬ বছৰীয়া অভিনেত্ৰী হিনা খানে ২৮ জুনত প্ৰকাশ কৰিছিল তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ । সামাজিক মাধ্যমযোগে হিনা খানে তৃতীয় পৰ্যায়ৰ কৰ্কট ৰোগ হোৱা বুলি সকলোকে অৱগত কৰে আৰু অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক চিন্তা নকৰিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক:অসুস্থ হিনা খান, চাৰিদিন ধৰি হাস্পতালত ভৰ্তি, কি হৈছে অভিনেত্ৰীগৰাকীৰ ?
Last Updated : Jul 11, 2024, 4:51 PM IST

ABOUT THE AUTHOR

...view details