অসম

assam

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 5:44 PM IST

Updated : Jun 27, 2024, 6:09 PM IST

ETV Bharat / entertainment

দৰৱৰ নামত জনতালৈ বৰবিহ: ৰাজনীতিৰ মেৰপাকত কোটিটকীয়া ব্যৱসায় - Baharul Islam starrer web series

Web series Pill: সাধাৰণ বিষয়বোৰতকৈ কিছু বেলেগ কাহিনী চাবলৈ পাব আপোনালোকে এই চিৰিজখনত ৷ হত্যা, ধৰ্ষণ, চাচপেন্স, যৌনতা ইত্যাদিৰ পৰা আঁতৰি এইবাৰ নিৰ্মাতাই নিৰ্মাণ কৰিছে এই চিৰিজ ৷ চিৰিজখনৰ বিষয়বস্তু সম্পূৰ্ণ জনহিতৰ বাবে ৷ অসমৰ জনপ্ৰিয় অভিনেতা বাহাৰুল ইছলামে এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে চিৰিজটোত ৷ এই সন্দৰ্ভত বাহাৰুল ইছলামে কি ক’লে শুনক খোদ তেওঁৰ মুখেৰেই-

Assam actor Baharul Islam starrer web series Pill to premiere on Jio cinema on 12 july
নতুন চিৰিজ ‘পিল’ (ETV Bharat Assam)

চিটাৰা ডেস্ক, 27 জুন : ভেজাল দৰৱে এইখন ভাৰতবৰ্ষত প্ৰতিদিনে লাখ লাখ মানুহক তিলতিলকৈ লৈ গৈছে মৃত্যুৰ দুৱাৰদলিলৈ ৷ প্ৰতিদিনে শেষ নিশ্বাস এৰিছে বহুজনে একমাত্ৰ ভেজাল দৰৱ সেৱন কৰি ৷

কি ক'লে বাহাৰুল ইছলামে (ETV Bharat Assam)

চিকিৎসকক ভগৱানৰ আন এটা ৰূপ বুলি ভবা হয় আৰু এজন ৰোগীয়ে খুব অসহায় অৱস্থাত নিজকে সপি দিয়ে চিকিৎসকৰ ওচৰত ৷ সেই মুহূৰ্তত প্ৰতিজন ৰোগীৰ বাবে চিকিৎসক ভগৱানস্বৰূপ ৷

কিন্তু কেৱল কোটি কোটি টকা আৰু ঐশ্চৰ্য-বৈভৱৰ পিচত দৌৰা এচাম চিকিৎসক আৰু একাংশ দৰৱ নিৰ্মাতা কোম্পানীয়ে দেশত মেলি দিছে ভেজাল দৰৱ ৷ সেই ভেজাল দৰৱ সেৱন কৰি তিলতিলকৈ মৃত্যুপথৰ যাত্ৰী হৈছে অনেক লোক ৷ এই স্পৰ্শকাতৰ বিষয়টোক লৈ নিৰ্মাণ হৈছে এখন ব্যতিক্ৰমী ৱেব চিৰিজ "পিল" ৷

বাহাৰুল ইছলাম (ETV Bharat Assam)

কেইটামান টকাৰ লালসাত একাংশ দৰৱ কোম্পানীয়ে বিহ নিৰ্মাণ কৰি আছে ৷ দৰৱ নিৰ্মাণৰ নামত বিহ নিৰ্মাণৰ সৈতে ৰাজনীতিৰ ক্ষেত্ৰখনো জড়িত হৈ আছে ৷ কোটি কোটি টকাৰ ব্যৱসায় কৰা এই কোম্পানীবোৰৰ অন্ধকাৰ জগতখনৰ কথা উদাঙাই দিব এই চিৰিজখনে ৷

ৱেব চিৰিজ PILL ৰ টীম (ETV Bharat Assam)

12 জুলাইৰ পৰা জিঅ' চিনেমাত প্ৰদৰ্শন হ'বলগীয়া "পিল"ৰ মুখ্য চৰিত্ৰটোত অভিনয় কৰিছে ৰিতেশ দেশমুখে ৷ ৱেব চিৰিজখনৰ পৰিচালনা ৰাজকুমাৰ গুপ্তাৰ ৷ আনহাতে অসমৰ দৰ্শকৰ বাবে এটা ভাল লগা খবৰ যে এই ৱেব চিৰিজখনৰ আন এটা প্ৰধান চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা বাহাৰুল ইছলামে ৷

পৰিচালক ৰাজকুমাৰ গুপ্তাৰ সৈতে বাহাৰুল ইছলাম (ETV Bharat Assam)

চিকিৎসা বিজ্ঞানৰ এগৰাকী অধ্যাপকৰ চৰিত্ৰত অভিনয় কৰা বাহাৰুল ইছলাম সম্প্ৰতি ইয়াৰ শ্বুটিঙত ব্যস্ত আছে পাঞ্জাৱত ৷

বৃহস্পতিবাৰে ই টিভি ভাৰতক বিশিষ্ট অভিনেতাগৰাকীয়ে কয় যে এই ৱেব চিৰিজখনে ভাৰতত দৰৱ কোম্পানীসমূহৰ আভ্যন্তৰত ঘটি থকা অন্ধকাৰ দিশসমূহ নিৰ্মোহভাৱে উদঙাই দিব ৷ ৱেব চিৰিজখনক লৈ তেওঁ অত্যন্ত আশাবাদী বুলিও মন্তব্য কৰে ৷

মেকআপ আৰ্টিষ্টৰ সৈতে বাহাৰুল ইছলাম (ETV Bharat Assam)

উল্লেখ্য যে, শেহতীয়াকৈ বাহাৰুল ইছলামে বলীউডত নিজৰ এক ব্যতিক্ৰমী পৰিচয় দাঙি ধৰিছে একেৰাহে কেইবাখনো জনপ্ৰিয় ছবিত অভিনয়ৰ জৰিয়তে ৷ ভেড়িয়া, 1983, মেয়দান আদিকে ধৰি বহুকেইখন ছবিত দৰ্শকৰ মনত ৰৈ যোৱাকৈ অভিনয় কৰাৰ পিচত বাহাৰুল ইছলাম এতিয়া বলীউডৰ এটা চিনাকী নাম ৷

লগতে পঢ়ক :তিনিখন নাটেৰে ৰাইজৰ মৰম বুটলিবলৈ সাজু থিয়েটাৰ সূৰ্য্য - theatre surjya team

Last Updated : Jun 27, 2024, 6:09 PM IST

ABOUT THE AUTHOR

...view details