নেশ্যনেল ডেস্ক,১৩ মে':ঝাৰখণ্ডৰ পালামুত চাঞ্চল্যকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । পালামুৰ মানাতু আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ৰহেয়া নৌদিহাৰ এলেকাত ভগা ছিগা সামগ্ৰী কাটি থকাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয় । বিস্ফোৰণটোক ৫ গৰাকী লোকৰ মৃত্যু হয় । জানিব পৰা মতে ইষ্টিয়াক আনছাৰী ওৰফে ছটু, তেওঁৰ পুত্ৰ শ্বহাদত আনছাৰী আৰু গাঁওখনৰে শ্বাহিদ আনছাৰী, বাৰিছ আনছাৰীৰ থিতাতে মৃত্যু হয় । আন ৪ টা শিশু গুৰুতৰভাৱে আহত হয় ।
আটাইকেইটা আহত শিশুক চিকিৎসাৰ বাবে মেদিনীৰাই চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মজিদ আনছাৰীক চিকিৎসাৰ বাবে আৰআইএমএছলৈ প্ৰেৰণ কৰা হয় । কিন্তু মজিদ আনছাৰীৰ আৰআইএমএছলৈ লৈ যোৱাৰ পথতে মৃত্যু হয় । সোমবাৰে মৃতদেহ কেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰা হয় ।