অসম

assam

তামিলনাডুৰ কয়ম্বটুৰত মাৰ্গদৰ্শী চিট ফাণ্ডৰ ১১৪ সংখ্যক শাখা মুকলি - Margadarsi Chit Fund TN Office

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 7:35 PM IST

Margadarsi Chit Fund New Office at TN : চিটফাণ্ড ব্যৱসায়ৰ অগ্ৰদূত মাৰ্গদৰ্শী চিটফাণ্ড কোম্পানীয়ে কয়ম্বটুৰৰ অবিনাশী ৰোডত দ্বিতীয়টো শাখা মুকলি কৰে । এই নতুন শাখাটো মাৰ্গদৰ্শী চিট ফাণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাৰায়ণ পাথুৰীয়ে উদ্বোধন কৰে ।

Margadarsi Chit Fund New Office at TN
কয়ম্বটুৰত মাৰ্গদৰ্শী চিট ফাণ্ডৰ ১১৪ সংখ্যক শাখা মুকলি (ETV Bharat)

নিউজ ডেস্ক, ১২ জুলাই : 1962 চনত 60 লাখৰো অধিক গ্ৰাহকেৰে প্ৰতিষ্ঠা কৰা হৈছিল চিটফাণ্ড ব্যৱসায়ৰ পথ প্ৰদৰ্শক মাৰ্গদৰ্শী চিট ফাণ্ড । এই কোম্পানীটোৰ তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকত 113 টা শাখা আছে আৰু ইয়াৰ গ্ৰাহকৰ সংখ্যা হৈছে 60 লাখ ।

মাৰ্গদৰ্শীৰ একাংশ বিষয়া (ETV Bharat)

ইয়াৰ উপৰি মাৰ্গদৰ্শী চিট ফাণ্ডৰ বাৰ্ষিক টাৰ্ণঅ'ভাৰ হৈছে 9,396 কোটি টকা । আনহাতে, গ্ৰাহকৰ প্ৰয়োজনীয়তা আৰু সুবিধা অনুসৰি মাৰ্গদৰ্শীয়ে চিট গ্ৰুপটো পৰিচালনা কৰি আহিছে । মাৰ্গদৰ্শী চিটফাণ্ড লিমিটেডৰ নেতৃত্ব দি আহিছে পৰিচালন সঞ্চালক শৈলজা কিৰণে । এই গ্ৰুপটোৰ আন এক মাইলৰ খুঁটি হিচাপে কোম্পানীটোৱে শুকুৰবাৰে কয়ম্বটুৰত 114 সংখ্যক শাখাটো মুকলি কৰে ।

আনহাতে, কয়ম্বটুৰৰ লোকসকলৰ বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ তাত শীঘ্ৰে দ্বিতীয়টো শাখাও মুকলি কৰা হ'ব বুলি গ্ৰুপটোৰ তৰফৰ পৰা জনোৱা হৈছে । কয়ম্বটুৰৰ অবিনাশী ৰোড হ'প কলেজ অঞ্চলত মাৰ্গদৰ্শীৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাৰায়ণ পাথুৰী, উপাধ্যক্ষ বলৰাম কৃষ্ণ, তামিলনাডুৰ সঞ্চালক শ্ৰীধৰে ফিটা কাটি আৰু বন্তি প্ৰজ্বালন কৰি এই নতুন শাখাটো উদ্বোধন কৰে ।

বন্তি প্ৰজ্বালনেৰে কয়ম্বটুৰত মাৰ্গদৰ্শী চিট ফাণ্ডৰ শাখা মুকলি (ETV Bharat)

ইয়াৰ পিচত মুখ্য কাৰ্যবাহী বিষয়া সত্য নাৰায়ণ পাথুৰীয়ে শাখা প্ৰবন্ধক নিক্সনক শাখাটোৰ প্ৰথমখন ৰচিদ প্ৰদান কৰে । এই নতুন শাখাটোৰ জৰিয়তে মাৰ্গদৰ্শী চিট ফাণ্ডে ইয়াৰ গ্ৰাহকসকলক বিত্তীয় ব্যৱস্থাপনা আৰু উন্নত প্ৰযুক্তি সেৱা আগবঢ়াব বুলি গ্ৰুপটোৰ কাৰ্যবাহী বিষয়াসকলে উল্লেখ কৰে ।

উল্লেখ্য, এই নতুন শাখাটোৰ উদ্বোধনৰ সময়ত বহুসংখ্যক গ্ৰাহক, মাৰ্গদৰ্শী চিট ফাণ্ডৰ প্ৰবন্ধক আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ।

ইতিমধ্য়ে সফলতাৰ ৬২ বছৰত ভৰি দিছে দেশৰ শীৰ্ষ চিট ফাণ্ড প্ৰতিষ্ঠান মাৰ্গদৰ্শী চিট ফাণ্ড প্ৰাইভেট লিমিটেডে । অন্ধ্ৰপ্ৰদেশত বিশিষ্ট উদ্যোগপতি ৰামোজী ৰাৱে স্থাপন কৰা এই প্ৰতিষ্ঠানটোৱে কেইবা দশকধৰি মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ আৰ্থিক সমস্যা সমাধানৰ বাবে কাম কৰি আহিছে । লগতে ঘৰে ঘৰে এতিয়া এটা জনপ্ৰিয় নাম হৈছে পৰিছে এই মাৰ্গদৰ্শী চিট ফাণ্ড প্ৰাইভেট লিমিটেড ।

লগতে পঢ়ক :মাৰ্গদৰ্শীৰ সম্পত্তি জব্দৰ আদেশক অবৈধ ঘোষণা অন্ধ্ৰ আদালতৰ; চিআইডিৰ আবেদন খাৰিজ
লগতে পঢ়ক :Margadarsi case : মাৰ্গদৰ্শী গোচৰত একাউণ্ট ফ্ৰীজ; চৰকাৰ-আৰক্ষীৰ আপীল খাৰিজ অন্ধ্ৰ উচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details