নেশ্যনেল ডেস্ক, ২২ মাৰ্চ :বিহাৰত নিৰ্মাণ হৈ থকা দেশৰ আটাইতকৈ দীঘল দলঙত অঘটন । চুপলত নিৰ্মাণ হৈ থকা এই দলঙৰ এটা অংশ হঠাৎ খহি পৰে । ফলত অংশটোৰ বিস্তৰ ক্ষতি হয় । এজন শ্ৰমিক নিহত হোৱাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে, দলংখনৰ তিনিটা খুটাৰ অংশটো খহি পৰে । এই ঘটনাত বহু শ্ৰমিক আহত হোৱাৰ খবৰ পোৱা গৈছে । লোকসকলক উদ্ধাৰ কৰা হৈছে । দলংখন প্ৰায় ১২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে ।
জানিব পৰা মতে এই দলংখনত মুঠ ১৭১ টা খুটা থাকিব । ইতিমধ্যে ১৫০ৰো অধিক খুটাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । অৱশ্যে পথটোৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই । মধুবনী আৰু চুপলৰ মাজত এই বাকৌৰ দলং নিৰ্মাণ কৰা হৈছে । এইখন দেশৰ আটাইতকৈ দীঘল দলং হ'ব । ই অসমৰ ভূপেন হাজৰিকা সেতুতকৈও এক কিলোমিটাৰ দীঘল ।