নিউজ ডেস্ক, 4 মাৰ্চ:সোমবাৰে সাংসদ-বিধায়কৰ বিশেষ আদালতত হাজিৰ হয় চলচ্চিত্ৰ অভিনেত্ৰী তথা ৰামপুৰৰ প্ৰাক্তন সাংসদ জয়প্ৰদা । ন্যায়ালয়ে জয়প্ৰদাৰ অসুস্থ বুলি কৰা আবেদন মানি লৈ কিছুমান চৰ্তসহ জামিন মঞ্জুৰ কৰে । জয়প্ৰদাৰ বিৰুদ্ধে আচৰণ বিধি উলংঘনৰ দুটা গোচৰ স্বাৰ আৰু কেমৰি থানাত ৰুজু হৈ আছে । যাৰ সন্দৰ্ভত আদালতে তেওঁলৈ সাতবাৰকৈ চমন জাৰি কৰিছিল । ইয়াৰ পিচতো জয়প্ৰদা হাজিৰ নোহোৱাত আদালতে তেওঁক ২৭ ফেব্ৰুৱাৰীত পলাতক বুলি ঘোষণা কৰে । ইয়াৰ লগতে তেওঁৰ বিৰুদ্ধে ৮২টা ব্যৱস্থাও গ্ৰহণ কৰা হয় ।
আদালতে লগতে ৰামপুৰৰ আৰক্ষী অধীক্ষকলৈ এখন পত্ৰ লিখি জয়প্ৰদাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাবলৈ নিৰ্দেশ দিয়ে । ৬ মাৰ্চত জয়প্ৰদাৰ আদালতত হাজিৰ হোৱাৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল যদিও আজি জয়প্ৰদাই অধিবক্তাৰ সৈতে গোপনে সাংসদ-বিধায়কৰ বিশেষ আদালতত উপস্থিত হয় । আদালতে তেওঁক ন্যায়িক জিম্মাত লয় আৰু শুনানিৰ সময়লৈকে জয়প্ৰদাই ডকত থিয় হ’বলগীয়া হৈছিল । কিন্তু ন্যায়ালয়ে জয়প্ৰদাৰ অসুস্থ বুলি কৰা আবেদন মানি লৈ কিছুমান চৰ্তসহ জামিন মঞ্জুৰ কৰে । আদালতৰ পৰা বাহিৰলৈ অহাৰ পাচত জয়প্ৰদাই আদালত আৰু ৰামপুৰবাসীক ধন্যবাদ জনায় ।