নতুন দিল্লী : ৰাষ্ট্ৰীয় ৰাজধানী, নয়দা, গাজিয়াবাদ আৰু গুৰুগ্ৰামত বায়ুৰ গুণমান 'ভয়ংকৰভাৱে উচ্চ' স্তৰত উপনীত হৈছে । বেছিভাগ বায়ু গুণমান সূচক (AQI) ষ্টেচনে মঙলবাৰে পুৱাও এই সূচক 500 স্পৰ্শ কৰা দেখুৱাইছে । ফলত চিকিৎসকসকলে জনস্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা ক্ষতিকাৰক বায়ুমণ্ডলীয় উপাদান বৃদ্ধিৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে ।
বি এল কে হাস্পতালৰ বক্ষ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বিভাগীয় মুৰব্বী ডাঃ সন্দীপ নায়াৰ আৰু বক্ষ বিশেষজ্ঞ ডাঃ ভাৰত গোপালে ইটিভি ভাৰতক বায়ুৰ গুণমান স্তৰ অৱনতি হোৱাৰ ফলত নাগৰিকসকলৰ বিপদাশংকাৰ বিষয়ে কিছু কথা অৱগত কৰে ।
গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক সমস্যাবোৰৰ বিষয়ে উল্লেখ কৰি ডাঃ গোপালে কয় যে এমোনিয়া আৰু নাইট্ৰ'জেন-ডাই-অক্সাইডৰ দৰে গেছবোৰ গুণমানৰ ভিতৰত আছে, কিন্তু বেঞ্জিনৰ পৰিমাণ নিৰ্ধাৰিত গুণমানতকৈ যথেষ্ট বেছি । ইয়ে গুৰুতৰ স্বাস্থ্য বিপদাশংকা সৃষ্টি কৰে ।
"বেঞ্জিনৰ বিষয়ে ক'বলৈ গ'লে, ই চকুৰ গুৰুতৰ ক্ষতি কৰিব পাৰে । ই কোষবোৰত অক্সিজেনৰ প্ৰবাহ প্ৰতিহত কৰে । কেৱল এয়াই নহয়, ই আমাৰ শৰীৰত গুৰুতৰ এলাৰ্জী সৃষ্টি কৰাৰ বাবেও দায়বদ্ধ । ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এন চি আৰ) বায়ুমণ্ডলত বেঞ্জিন বৃদ্ধিয়ে ক'ৰবাত এক ডাঙৰ উদ্যোগত গেছ নিৰ্গমনৰ ইংগিত দিয়ে ।" ডাঃ গোপালে কয় ।
আনহাতে, ডাঃ গোপালে দিল্লীত সংকটপূৰ্ণ পৰিস্থিতিৰ বিষয়ে আৱাসীসকলক সতৰ্ক কৰি দি তেওঁলোকক অত্যন্ত সতৰ্ক হ'বলৈ কয় । তেওঁ কয়, "অতি প্ৰয়োজন হ'লেহে ঘৰৰ বাহিৰলৈ ওলাওক, যাতে আপোনালোকে বায়ুমণ্ডলত থকা বিপজ্জনক গেছবোৰৰ পৰা আঁতৰি থাকিব পাৰে ।"
ৰাষ্ট্ৰীয় ৰাজধানীৰ বাসিন্দাসকলে সঠিকভাৱে উশাহ ল'ব পৰা নাই, যাৰ ফলত তেওঁলোকক দুৰ্বল কৰি পেলাইছে । ডাঃ নায়াৰে কয় যে বায়ুত মাৰাত্মক অক্সাইডৰ উপস্থিতি, যেনে কাৰ্বন মনোক্সাইড, ছালফাৰ অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইডৰ ফলত প্ৰদূষণৰ স্তৰ বৃদ্ধি হয়, হাওঁফাওঁ ক্ষতিগ্ৰস্ত হয় আৰু শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট হয় ।
"পেট্ৰ'ল আৰু ডিজেল জ্বলিলে এই ক্ষতিকাৰক গেছবোৰ নিৰ্গত হয়, যাৰ ফলত উশাহ-নিশাহত সমস্যা হয়, চকু জ্বলা-পোৰা অনুভৱ হয় আৰু মূৰৰ বিষ হয় । বায়ুত সীহৰ উপস্থিতি বিপজ্জনক, কিয়নো ইয়াক উশাহত ল'লে শৰীৰত কৰ্কট কোষৰ বিকাশত সহায় কৰিব পাৰে ।" ডাঃ নায়াৰে লগতে কয় ।